29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

গুৰুজনাই পাচশ বছৰ পূৰ্বে সত্ৰ-নামঘৰৰ যোগেদি মুক্ত বিশ্ব বিদ্যালয়ৰ শিক্ষা প্ৰদান কৰিছিল !

Assamese Newsগুৰুজনাই পাচশ বছৰ পূৰ্বে সত্ৰ-নামঘৰৰ যোগেদি মুক্ত বিশ্ব বিদ্যালয়ৰ শিক্ষা প্ৰদান কৰিছিল !

– বঙাইগাঁৱৰ ঘৰশিয়া সত্ৰত প্ৰেমকান্ত মহন্ত সোঁৱৰণী সভাত সাহিত্যিক থানেশ্বৰ মালাকাৰ

 

বঙাইগাঁও , ৩ নৱেম্বৰঃ বৰ্তমানে চৰকাৰে মুক্ত বিশ্ব বিদ্যালয়ৰ ব্যৱস্থা কৰি ঘৰতে থাকিয়েই উচ্চ শিক্ষা লাভৰ ব্যৱস্থা কৰিছে ৷ কিন্তু মহাপুৰুষ শংকৰদেৱে পাচশ বছৰ পূৰ্বে সত্ৰ- নামঘৰ পাতি অনাক্ষৰী লোকক ধৰ্মীয় শিক্ষা দিয়াৰ লগতে বাপ-ভকত বৈষ্ণৱৰ লগতে সমবেত হৈ নৈতিকতা , আধ্যাত্মিক, উৎকৰ্ষ সাধনৰ শিক্ষা দিছিল ৷ যিটো নেকি মানৱ জীৱনৰ অতি প্ৰয়োজনীয় – এই মন্তব্য অৱসৰী প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লিখক সাহিত্যিক থানেশ্বৰ মালাকাৰৰ ৷ আজি বঙাইগাঁও জিলাৰ ঐতিহ্যমণ্ডিত গুৰুজনাই প্ৰতিষ্ঠা কৰা সাঁকোমুুৰাস্থিত ঘৰশিয়া সত্ৰত আয়োজিত সত্ৰখন পুনৰুদ্ধাৰ কৰোতা আৰক্ষী বিষয়া প্ৰয়াত প্ৰেমকান্ত মহন্তৰ মৃত্যু তিথি উপলক্ষে অনুষ্ঠিত কৰা সোঁৱৰণী সভাত ওপৰোক্তধৰনে মন্তব্য কৰাৰ লগতে কয় যে, ঘৰশিয়া সত্ৰই প্ৰয়াত প্ৰেমকান্ত মহন্তৰ অৱদানক সোঁৱৰি মৃত্যু তিথি পালন কৰা আৰু ইয়াৰ লগত সংগতি ৰাখি মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতি বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মহান ব্যক্তিলৈ তেওঁৰ নামত আগবঢ়োৱা মহান ব্যক্তিলৈ বঁটা আগবঢ়োৱা  কাৰ্য শলাগ লবলগীয়া ৷ ঘৰশিয়া সত্ৰ পৰিচালনা সমিতিৰ সভাপতি উমেশ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত আৰু অবসৰী প্ৰশাসনিক বিষয়া ৰোহিনী কুমাৰ চৌধুৰী, শিল্পী পেঞ্চনাৰ দ্বীপেন পাঠক,ৰবীন পাঠক, বিশিষ্ট সমাজ কৰ্মী তথা মহাপুৰুষীয়া ধৰ্মৰ অনুৰাগী ক্ৰমে ৰুদ্ৰ কুমাৰ পাঠক,কামাখ্যা প্ৰসাদ বৰুৱা, মনেন মেধিয়ে উপস্থিত থকা সোঁৱৰণী সভাতে ৰোহিনী কুমাৰ চৌধুৰী ৰচিত শংকৰদেৱৰ নাতি চতুৰ্ভুজ, ঘৰশিয়া সত্ৰ আৰু বিষ্ণুপুৰ সত্ৰ শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰে সাহিত্যিক মালাকাৰে ৷ প্ৰদীপ বায়নে আঁত ধৰা সভাখনতে প্ৰয়াত প্ৰেমকান্ত মহন্তৰ নামত উচৰ্গা কৰা বঁটা সমাজকৰ্মী ক্ৰমে ৰুদ্ৰ কুমাৰ পাঠক, কামাখ্যা প্ৰসাদ বৰুৱা, অসম সত্ৰ মহাসভা, ৰামৰায় কুটি সত্ৰ, মধুপুৰ ধামৰ সভাপতি জিতেন্দ্ৰ প্ৰধানীলৈ আগবঢ়োৱা হয় ৷ বঁটা গ্ৰহণ কৰি ৰুদ্ৰ কুমাৰ পাঠকে কয় যে, গুৰুজনাই সত্ৰখন প্ৰতিষ্ঠা কৰাৰ পাচত শ শ বছৰ ধৰি পাহৰণি গৰ্ভত লীন হোৱাৰ পাচত ১৯৭৪ চনত তেতিয়াৰ নবম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ অধিনায়ক প্ৰয়াত প্ৰেমকান্ত মহন্তই কথাগুৰুচৰিতৰ বৰ্ণনাৰ আঁত ধৰি বিভিন্ন অঞ্চলত বিচাৰ-খোচাৰ তথা স্থানীয় লোকৰ তথ্যৰ ভিত্তিত ঘৰশিয়া সত্ৰখন পুনৰুদ্ধাৰ কৰে ৷ গতিকে এনে এজন ব্যক্তিৰ নামত উচৰ্গিত বঁটা গ্ৰহণ কৰি ধন্য হোৱা বুলি স্বীকাৰ কৰে ৷ আনপিনে প্ৰয়াত প্ৰেমকান্ত মহন্তৰ পুত্ৰ ৰজতভূষণ মহন্তই ভাষণ প্ৰসংগত উত্তৰ ভাৰতৰ ধৰ্মীয় অনুষ্ঠানৰ বাহ্যিকতাৰ বিপৰীতে অসমৰ সত্ৰ-নামঘৰসমুহ  আধ্যাত্মিক সৰ্বোচ্চ ৷ ঘৰশিয়া সত্ৰখনো তেনে সত্ৰসমুহৰ ভিতৰত অন্যতম বুলি মন্তব্য কৰে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!