গুৱাহাটীৰ চছলত ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যা উন্মোচন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১জুন: ”অকণিৰ সাহিত্য সভা”ৰ হৈ নগাঁৱৰ পৰা প্ৰকাশ পাই অহা এটকীয়া শিশু-কবিতাৰ পত্ৰিকা ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যাটি আজি গুৱাহাটীৰ চছলত উন্মোচন কৰে বিশিষ্ট শিশু-সাহিত্যিক শশীন্দ্ৰ কুমাৰ অধিকাৰীয়ে ৷ পত্ৰিকাখন উন্মোচন কৰি অধিকাৰীয়ে কয় যে শিশু সাহিত্যৰ পথাৰখনত প্ৰিয়বন্ধু এক সু সংযোজন। বিশিষ্ট অতিথিৰ ভাষণত থানেশ্বৰ মালাকাৰে কয় যে সাধাৰণতে সভাগৃহ আদিত গ্ৰন্থ-আলোচনী উন্মোচন হয়। এনেদৰে সুব্যক্তিৰ গৃহত ‘প্ৰিয়বন্ধু’ৰ উন্মোচন আৰু উন্মোচনৰ পৰম্পৰা প্ৰশংসনীয় ৷ চতুৰ্থ সংখ্যাৰ সম্পাদক সুৰেন্দ্ৰ মোহন দাসে কয় যে সুন্দৰ ছন্দ আৰু ছবিয়ে শিশুক বিশেষভাৱে আকৰ্ষণ কৰে আৰু কিতাপ পঢ়া আৰু লিখাৰ বাবেও ধাউতি বঢ়ায় । উল্লেখ্য যে পত্ৰিকাখনৰ প্ৰথম তিনিটা সংখ্যা সম্পাদনা কৰিছিল যথাক্ৰমে শিশু-সাহিত্যিক শান্তনু তামূলী,শান্তিছায়া শইকীয়া আৰু কাৰুণ্য ভট্টাচাৰ্যই ৷ সভাত যোগানন্দ মহন্ত,ৰাকেশধিৰ মেধি, যুতিকা শৰ্মা,নলীন মহন্ত আদি ভালেকেইজন লেখক-লেখিকাই স্বৰচিত কবিতা পাঠ কৰে আৰু বক্তব্য আগবঢ়ায় ৷ শেষত অসম সংগীতেৰে সভা সামৰণি মৰা হয় ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author