17 C
Assam
Sunday, November 27, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

বৰদোৱাত শৈলীৰ বৰগীত আৰু খোল বাদনৰ কৰ্মশালা আৰম্ভ

Assamese Newsবৰদোৱাত শৈলীৰ বৰগীত আৰু খোল বাদনৰ কৰ্মশালা আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১১ জুলাই :–অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত ৰবিবাৰৰ পৰা বৰদোৱা শৈলীৰ বৰগীত আৰু খোল বাদনৰ ১৫ দিনীয়া কৰ্মশালা আৰম্ভ হৈছে । বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ’লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই আৰু এফাকি নামঘোষা পৰিবেশন কৰে যোৰহাট সাউদকুচি সত্ৰ সত্ৰাধিকাৰ পবিত্র প্ৰাণ গোস্বামীয়ে। পৰিচালনা সমিতিৰ সদস্য ৰাজীৱ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ-সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী,বটদ্ৰৱা সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া সৌৰভ পানীফুকনে ভাষণ প্ৰদান কৰে। বটদ্রৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ দত্ত,কোষাধ্যক্ষ আদিত্য বৰা,সদস্য ৰঞ্জিত মহন্ত,প্ৰভাত বৰা,টিকেনন্দ্ৰজিৎ গোস্বামী, তুৱাৰাম বৰুৱাকে আদি কৰি কেইবাগৰাকী সদস্য তথা প্ৰশিক্ষাৰ্থী-অতিথিসহ তিনি শতাধিক লোকৰ উপস্থিতি থাকে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: