26.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ছাত্ৰীৰ ফটো আৰু ভিডিঅ’ ভাইৰেল কৰি ব্লেকমেইলিং, বিশ্বনাথ চাৰিআলি আৰক্ষীৰ জালত এজন যুৱক

Assamese Newsছাত্ৰীৰ ফটো আৰু ভিডিঅ’ ভাইৰেল কৰি ব্লেকমেইলিং, বিশ্বনাথ চাৰিআলি আৰক্ষীৰ জালত এজন যুৱক

বিশ্বনাথৰ এগৰাকী ছাত্ৰীৰ ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগত বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন যুুৱকক। বিশ্বনাথৰ ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত মঙলবাৰে গ্ৰেপ্তাৰ কৰা যুৱকজন হৈছে কুুসুমটোলা অঞ্চলৰ সংকল্প কাশ্যপ বৰঠাকুৰ।

ছাত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে, একালৰ সহপাঠী সংকল্পই আনকি অধ্যয়ন কৰা কালত সংগ্ৰহ কৰা ফটোৰে ব্লেকমেইলিং আৰু ধনদাবীও কৰিছে। ঘাইকৈ অশালীন মেচেজ আৰু ড্ৰাগছ ক্ৰয়ৰ বাবে ধনদাবী কৰি অতিষ্ঠ কৰা ছাত্ৰীগৰাকীয়ে অৱশেষত উপায়ন্তৰ হৈ আৰক্ষীৰ শৰণাপন্ন হয়।

ইতিমধ্যে বিশ্বনাথ চাৰিআলি থানাত দাখিল কৰা অভিযোগত ছাত্ৰীগৰাকীয়ে জনৈক পূৰ্ণ নামৰ ম’বাইল ফোন মেৰামতি কৰা যুৱক এজনৰ নামো উল্লেখ কৰিছে। অভি যোগ মতে ধনদাবীৰ ঘটনাত ম’বাইল মেৰামতি কৰা যুৱকনো জড়িত।

ইতিমধ্যে আৰক্ষীয়ে ২৯৩/২০ নম্বৰৰ গোচৰ ৰুজু কৰি ৩৮৪/৫০৭/৫০৯ ধাৰাৰ অধীনত সংকল্পক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছত তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

(Source: News 18)

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!