বিটিআৰৰ চীফ হোৱাৰ যোগ্যতা নাই প্ৰমোদ বড়োৰ : হাগ্ৰামা

1 min read

প্ৰমোদ বড়ো বিটিআৰৰ চীফ হোৱাৰ যোগ্যতা নাই, প্ৰমোদ বড়ো এবছুৰ সভাপতি হিচাপে ঠিকে আছিল কিন্তু বিটিআৰ চলোৱাৰ যোগ্যতা নাই । বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য বিপিএফৰ সবাপতি হাগ্ৰামা মহিলাৰীৰ (BPF chief Hagrama against Pramod Bodo)। দেওবাৰে কোকৰাঝাৰৰ তিতাগুৰি কমিউনিটি হলত বিপিএফৰ এক কৰ্মশালাত অনুষ্ঠিত হয় ৷ উক্ত সভাৰ অন্তত বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰে ।

তেওঁ কয় যে, ওদালগুৰি জিলাত এটা দিনতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৯২ টা কাম এদিনতে নিবিদা হৈছে, এদিনতে অনুমোদন হৈছে ৷ ৯২ টা কাম এজন ঠিকাদাৰকে প্ৰমোদ বড়ো চৰকাৰে কৰিবলৈ দিয়াৰ বিষয়টো তদন্তৰ আঁওতালৈ আহিব লাগে বুলি মন্তব্য কৰিছে । বিটিআৰৰ ১৬ টা বিভাগ দিছপুৰক পুনৰাই গতাই দিয়াৰ অভিযোগ কৰি মহিলাৰীয়ে কয় প্ৰমোদ বড়োৰ দ্বাৰা শান্তি নাহিব, অশান্তিহে আহিব(No peace in BTR with Pramod Bodo says Hagrama) ।

তদুপৰি এনডিএফবিৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰতো প্ৰমোদ বড়ো চৰকাৰে একো কাম কৰা নাই বুলি উল্লেখ কৰে মহিলাৰীয়ে । উল্লেখ্য যে, বহুদিন বিৰতিৰ মুৰত কোকৰাঝাৰৰ বিপিএফৰ কৰ্মশালাত হাগ্ৰামা মহিলাৰীক দেওবাৰে পুনৰাই স্বভাৱসিদ্ধ ৰূপত দেখা পোৱা গ’ল আৰু মুলত হাগ্ৰামাা মহিলাৰীয়ে প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লয় । বিটিআৰত উচ্ছেদ কাৰ্য আৰু বিটিআৰৰ পৰা গাঁও কৰ্তন বিপিএফ দলে সমৰ্থন নকৰে বুলি স্পষ্ট মন্তব্য আগবঢ়াই হাগ্ৰামা মহিলাৰীয়ে আন কেতবোৰ বিষয় সন্দৰ্ভতো নিজৰ বক্তব্য আগবঢ়ায় ।

হাগ্ৰামা মহিলাৰীয়ে কয় যে এনডিএফবিৰ গোচৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত প্ৰমোদ বড়োই কোনো ধৰণৰ উদ্যোগ লোৱা নাই, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি এনিডিএফবিৰ নেতা কেডাৰ সকলে জেলত দূৰ্বিষহ জীৱন অতিবাহিত কৰিব লগা হৈছে । তদুপৰি দিল্লী, কলকাতা, শিলিগুৰি, গুৱাহাটীত থকা বড়োলেণ্ড অতিথিশালা সমূহত সাধাৰণ ৰাইজক থাকিবলৈ দিয়া হোৱা নাই নাই আৰু উক্ত অতিথিশালা সমূহ প্ৰমোদ বড়োৱে নিজ খেয়াল খুচিমতে চলাই আছে বুলি অভিযোগ কৰি হাগ্ৰামা মহিলাৰীয়ে সৰ্বসাধাৰণৰ বাবে নিৰ্মান কৰা অতিথিশালা সমূহত এতিয়া সাধাৰণ ৰাইজে থাকিবলৈ নোপোৱাত ক্ষোভ ব্যক্ত কৰে ।

You May Also Like

More From Author