কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ,মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ

1 min read

“কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ৷মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ ৷ ইতিমধ্যে এই সন্দৰ্ভত হোৱা আলোচনা প্ৰক্ৰিয়া শেষ হৈছে ৷ উপ নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফ দলৰ চৰকাৰ গঠন কৰা হ’ব”- সোমবাৰে বাক্সাৰ মুছলপুৰত আয়োজন কৰা এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ এই মন্তব্য কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷

উল্লেখ্য যে,২২ নং ককলাবাৰী পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ নিৰ্বাচনৰ বাবে বিপিএফ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয় ৷ সদ্যঘোষিত নিৰ্বাচনত বিপিএফ দলৰ লৈ নিৰ্বাচনী যুঁজত নামিব শংকৰ বসুমতাৰীয়ে ৷সোমবাৰে শংকৰ বসুমতাৰীয়ে দাখিল কৰে মনোনয়ন পত্ৰ৷ শংকৰ বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷ লগতে বিপিএফৰ সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰে শংকৰ বসুমতাৰীৰ হৈ আয়োজন কৰা এক সভাত ৷বিটিচিত বিপিএফৰ চৰকাৰ গঠনৰ দাবী হাগ্ৰামাৰএই সভাতে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷

You May Also Like

More From Author