26.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

প্ৰমোদ বড়োৰ কনভয় দুর্ঘটনাগ্ৰস্ত; এজন জোৱান নিহত হোৱাৰ লগতে তিনিজন আহত

Assamese Newsপ্ৰমোদ বড়োৰ কনভয় দুর্ঘটনাগ্ৰস্ত; এজন জোৱান নিহত হোৱাৰ লগতে তিনিজন আহত

বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ কনভয় বাহনৰ দুর্ঘটনা। তামূলপুৰৰ এঘাৰমাইলত দুর্ঘটনাগ্ৰস্ত হয়  কনভয়ৰ বাহন।ভয়ংকৰ দুর্ঘটনাত এগৰাকী আৰক্ষী জোৱান থিতাতে নিহত হোৱাৰ লগতে অন্য তিনিগৰাকী জোৱান আহত হয়।নিহত জোৱানজন ৰাজু কলিতা।টুইটযোগে এই কথা অৱগত কৰিছে প্ৰমোদ বড়োৱে।যোৱা নিশা এই দুর্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে বিটিআৰৰ প্ৰধান বড়োৰ নিৰাপত্তাৰ সৈতে বিগত দুবছৰ ধৰি জড়িত হৈ আছিল ৰাজু।দুর্ঘটনাত আঘাত প্ৰাপ্ত জোৱানসকল ভৰ্তি হৈ আছে চিকিৎসালয়ত।

আনহাতে নিহত আৰক্ষী জোৱানজনৰ পৰিয়ালৰ ওচৰত শোকপ্ৰকাশ কৰে বড়োৱে।আহত আৰু নিহত জোৱানৰ পৰিয়ালক সকলো প্রকাৰে সহায় কৰিব বুলি তেওঁ কয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!