BTC নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা হাগ্ৰামাৰ ঘৰৰ সন্মুখত পিকনিক খামঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

BTC নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা হাগ্ৰামাৰ ঘৰৰ সন্মুখত পিকনিক খামঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ক্ৰমাত্‍ দুৰত্ব বাঢ়িছে দুই মিত্ৰ দল বিজেপি আৰু বিপিএফৰ মাজত। এতিয়া সুবিধা পালেই হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই ইজনে আনজনক আক্ৰমণৰ লক্ষ্য কৰি লয়।

বাক্সাৰ মথনগুৰীত বিজেপিৰ নিৰ্বাচনী সভাত অংশলৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘বিটিচিত পৰ্বতসম দুৰ্নীতি কৰা হাগ্ৰামা মহিলাৰীৰ বিপিএফক এইবাৰ বেলনা মাৰিৰে কোবাব ৰাইজে। আগন্তুক দিনত বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত। হাগ্ৰামা মহিলাৰীয়ে বিটিচি খনক নিজৰ পৈত্তিক সম্পত্তি বুলি ভাবিলে নহ’ব। BTC নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা হাগ্ৰামাৰ ঘৰৰ সন্মুখত পিকনিক খাম।’

মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসৰ সমৰ্থনত বাক্সাৰ লাবদাংগুৰীত বিশাল নিৰ্বাচনী সভাত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মঙলদৈ সংসদীয় সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ন-বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ লগতে বহু নেতা আৰু কেইবা সহস্ৰাধিক সমৰ্থক উপস্থিত থাকে।

Source: NEWS18NE

GTM Desk

Related