পত্নীৰ সম্পত্তিৰ লোভত হত্যাৰ অপচেষ্টা – গোঁসাইগাঁৱত স্বামীৰ নাৰকীয় কাণ্ড।

পত্নীৰ সম্পত্তিৰ লোভত হত্যাৰ অপচেষ্টা – গোঁসাইগাঁৱত স্বামীৰ নাৰকীয় কাণ্ড।

গোঁসাইগাঁও মহকুমাৰ পদ্মবিলত সংঘটিত হৈছে এটি শ্ৰুতিহীন নাৰী নিৰ্যাতনৰ ঘটনা, য’ত এজন স্বামীয়ে পত্নীৰ সম্পত্তিৰ লোভত নৃশংস আক্ৰমণ চলাই মৃত্যুৰ দুৱাৰত উপনীত কৰিছে। স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।


আক্ৰমণৰ মূল অভিযুক্ত সাহজামাল শেখ নামৰ ব্যক্তি জন গোঁসাইগাঁও মহকুমাৰ শিমূলটাপুৰ নিৱাসী হামিদ শেখৰ কন্যা ৰেহেনা বেগমৰ স্বামী। জানিব পৰা মতে, প্ৰায় ১৫ বছৰ পূৰ্বে উভয়ে বিবাহপাশত আবদ্ধ হৈ এতিয়া দুজন সন্তানৰ পিতৃ-মাতৃ।


কিন্তু এই দীৰ্ঘ দাম্পত্য জীৱনৰ মাজতেই সাহজামালৰ ব্যৱহাৰত পৰিৱর্তন হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয় বিবাহ সম্পন্ন কৰি, প্ৰথম পত্নী ৰেহেনাৰ নামেৰে থকা সম্পত্তি নিজৰ অধিকাৰত ল’বলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল। এই দাবী স্বীকাৰ নকৰাৰ ফলস্বৰূপে আজি তেওঁ ৰেহেনা বেগমৰ ওপৰত হত্যাৰ অপচেষ্টা চলায়।


ঘটনাৰ পিছতেই অভিযুক্ত সাহজামাল পলায়ন কৰে। এই নাৰকীয় ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালৰ লোকে গোঁসাইগাঁও থানাত ঘটনা সম্পৰ্কে লিখিত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

GTM Desk