কোকৰাঝাৰত ই এম উৱিলচন হাছদাৰ নিযুত মইনা আচঁনিৰ চেক বিতৰণ

কোকৰাঝাৰত ই এম উৱিলচন হাছদাৰ নিযুত মইনা আচঁনিৰ চেক বিতৰণ

সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাতো দেওবাৰে নিযুত মইনা আচঁনিৰ অধীনত চেক বিতৰণ অনুষ্ঠান সম্পন্ন হয়। কোকৰাঝাৰৰ বড়োলেণ্ড ইউনিভাৰ্ছিটিত নিযুত মইনা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে বি টী চিৰ ই এম্ উৱিলছন হাছদাই।

চেক বিতৰণ কৰি বিধায়ক তেওঁ কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১,৫৯,০৯৩ গৰাকী ছাত্ৰী পোনপটীয়াকৈ উপকৃত হ’ব। কোকৰাঝাৰ জিলাৰ মুঠ ৫ হাজাৰতকৈ অধিক ছাত্ৰী ইয়াৰ দ্বাৰা লাভান্বিত হ’ব।

এই আঁচনিখনে অসমত নাৰী শিক্ষাৰ ক্ষেত্ৰত এক নতুন জাগৰণ আনিবলৈ সমৰ্থ হ’ব আৰু পৰৱৰ্তী প্ৰজন্মৰ যুৱতীসকলক শক্তিশালী কৰিব বুলি মন্তব্য কৰে ই এম হাছদাই।

 

GTM Desk

Related