বি টি আৰত প্ৰথমবাৰ চৰকাৰীভাৱে বড়ো মাধ্যম দিৱস পালন

বি টি আৰত প্ৰথমবাৰ চৰকাৰীভাৱে বড়ো মাধ্যম দিৱস পালন

বি টি আৰৰ চৰকাৰী-বেচৰকাৰী শিক্ষা অনুষ্ঠানবোৰত বি টি চিৰ সচিবালয়ৰ পৰা ১৮ মে’ৰ দিনটো বড়ো মাধ্যম দিৱস হিছাপে পালন কৰিবলৈ নিৰ্দেশ। সচিবালয়ৰ নিৰ্দেশৰ পাছতেই বি টি আৰৰ ৪খন জিলাৰ অন্তৰ্গত প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়,মহাবিদ্যালয় আৰু বেচৰকাৰী শিক্ষা অনুষ্ঠানবোৰত বড়ো মাধ্যম দিৱস পালন কৰা হয়।

বৃহস্পতিবাৰে বি টি আৰৰ অন্তৰ্গত শিক্ষানুষ্ঠানবোৰত বিশেষকৈ বড়ো মাধ্যমৰ বিদ্যালয়বোৰে পুৱা বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰাৰ পিছত কবিতা, গীত,নৃত্য আদি প্ৰদৰ্শন কৰে।

উল্লেখযোগ্য যে ১৯৬৩ চনৰ ১৮ মে’ত বড়ো ভাষা প্ৰাথমিক বিদ্যালয়ত মাধ্যম হিচাপে স্বীকৃতি পাইছিল । সেয়েহে বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিবছৰে ১৮ মে’ৰ দিনটো বড়ো মাধ্যম দিৱস হিচাপে পালন কৰি আহিছে ।

বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই এই বৰ্ষত পোন প্ৰথমবাৰ বি টি আৰ অঞ্চলৰ চৰকাৰী- বেচৰকাৰী শিক্ষা অনুষ্ঠানবোৰত আজিৰ এই গৌৰৱময় দিনটো বড়ো মাধ্যম দিৱস হিছাপে পালন কৰিবলৈ নিৰ্দেশ দিছিল।

GTM Desk

Related