25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

দেশ-বিদেশত নগাঁৱৰ মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্তৰ কৃতিত্ব

Assamese Newsদেশ-বিদেশত নগাঁৱৰ মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্তৰ কৃতিত্ব

 

নিউজ ব্যুৰ’,নগাঁও,১৯মে’:–নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্তই “ICAR”ৰ অধীনস্থ “নেচনেল ডেইৰী ৰিচাৰ্ছ ইনষ্টিটিউট” কৰ্নাল,হাৰিয়ানা (NDRI)ৰ পৰা সুখ্যাতিৰে স্নাতক (B-Tech) ডিগ্ৰী লাভ কৰে । উল্লেখ্য যে মহন্তই অধ্যয়ন কৰি থকা সময়তে বিশ্ববিদ্যালয় তথা বিশ্ব বেংকৰ সাহাৰ্যত দক্ষিণ আমেৰিকাৰ চিকাগো চহৰৰ সমীপৱৰ্তী “Purdue University” ত Internship কৰাৰ সুবিধা লাভ কৰে। আনহাতে মহন্তই সেই একেটা সাহাৰ্য পূঁজিৰ পৰাই পুনৰ “Future Group” ৰ অধীনত মুম্বাইতো Internship কৰাৰ সুবিধা লাভ কৰে। ২০২০ চনৰ জানুৱাৰী মাহত শিখাদ্ৰী মহন্তই আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ চহৰত থকা A & M বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ (M Tech) ডিগ্ৰীৰ লগতে সন্মানীয় (Ph.D) ডিগ্ৰী কৰাৰ বাবে জলপানিসহ সুবিধা লাভ কৰে । মহন্তৰ গৱেষণাৰ বিষয় হৈছে “Reducing post harvest waste of cereals using plasma technology”।
গৱেষণাৰত অৱস্থাতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰে Portland চহৰতো জলপানীসহ Internship কৰাৰ সুযোগ লাভ কৰে। উল্লেখ যোগ্য যে বৰ্তমান তেওঁ টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা ৰাষ্ট্ৰসংঘৰ অধীনস্থ (U.N.O.) ইউৰোপ মহাদেশৰ ৰোম চহৰত অৱস্থিত “খাদ্য আৰু কৃষি সংস্থা” (F.A.O.)ৰ মুখ্য কাৰ্যালয়ত জলপানিসহ Internship কৰাৰ সুবিধা লাভ কৰাত চলিত বৰ্ষৰ যোৱা ১২ মে’ত সংস্থাত যোগদান কৰে । মেধাৱী ছাত্ৰী শিখাদ্ৰী মহন্ত ফৌজদাৰী পট্টিৰ শ্ৰীশ্ৰী শ্ৰৱণী সত্ৰৰ নিবাসী জগন্নাথ মহন্ত (প্ৰতুল) আৰু দিপালী মহন্তৰ প্ৰথমা কন্যা ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!