26 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

২১মে'(ৰবিবাৰ)ত শ্ৰী শংকৰদেৱসংঘৰ শিশু,যুৱ আৰু আই মাতৃ সমাৰোহৰ ৰাজহুৱা সভা

Assamese News২১মে'(ৰবিবাৰ)ত শ্ৰী শংকৰদেৱসংঘৰ শিশু,যুৱ আৰু আই মাতৃ সমাৰোহৰ ৰাজহুৱা সভা

 

নিউজ ব্যুৰ’,নগাঁও,১৯মে’:–অসমীয়া ভাষা-সাহিত্য- সংস্কৃতিৰ খনিকৰ,অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামাঙ্কিত উত্তৰ-পূব ভাৰতৰ বৃহৎ ধৰ্মীয়,সাহিত্য-সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ ৷ অনুষ্ঠানটিৰ ৩০ সংখ্যক কেন্দ্ৰীয় শিশু,যুৱ আৰু আইমাতৃ সমাৰোহখনি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ৪,৫ আৰু ৬ নবেম্বৰত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ গোৱালপাৰা জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
সমাৰোহখনি সাফল্যমণ্ডিত কৰিবলৈ গোৱালপাৰা জিলা শাখাৰ বাপ-বান্ধৱ তথা আই-মাতৃৰ লগতে সকলো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সুহৃদয় ৰাইজ আৰু দল-সংগঠনৰ সহযোগত এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰাৰ উদ্দেশ্য অহা ২১মে’ত (দেওবাৰে) ধূপধৰাস্থিত শ্ৰী শ্ৰী জগতগুৰু নামঘৰ প্ৰাঙ্গণত এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে । দিনৰ ১১বজাৰ পৰা অনুষ্ঠিতব্য সভাখনৰ লগত সংগতি ৰাখি পুৱা ৫ বজাত ধূপধৰা আঞ্চলিক শাখাৰ দ্বাৰা পৰিৱেশ নিকাকৰণ,৬:৩০ বজাত নামাচাৰ্য উমেশ ঠাকুৰীয়াৰ দ্বাৰা প্ৰাতঃপ্ৰসঙ্গ,৮:০০ বজাত গোৱালপাৰা জিলা শাখাৰ প্ৰাক্তন সম্পাদক ভদ্ৰকান্ত দাসৰ সহযোগত সমূহীয়া নাম-প্ৰসঙ্গ সম্পন্ন কৰা হ’ব । উক্ত দিনাৰ প্ৰতিটো অনুষ্ঠানতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, গোৱালপাৰা জিলা শাখাৰ হৈ সভাপতি জয়ন্ত কুমাৰ ৰাভা, সম্পাদক জয়ন্ত কুমাৰ কলিতা, প্ৰস্তুতি সমিতিৰ হৈ সভাপতি শিবেন্দ্ৰ পাটগিৰি,সম্পাদক সৰ্বেশ্বৰ ৰায়ে সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!