হৃদয় বিদাৰক ! দলংৰ পৰা নদীত পৰিল যাত্ৰীবাহী বাছ , মৃত্যু ৩৯ জন লোক

হৃদয় বিদাৰক ! দলংৰ পৰা নদীত পৰিল যাত্ৰীবাহী বাছ , মৃত্যু ৩৯ জন লোক

দলঙৰ পৰা এখন যাত্ৰীবাহী বাছ নদীত পৰি কমেও ৩৯ জন লোকৰ মৃত্যু হয়। আহত কেবাজনো লোক । শনিবাৰে মাজনিশা পাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত সংঘটিত হয় এই ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, ৪৮ জন যাত্ৰী কঢ়িয়াই অনা বা কোৱেটা প্ৰদেশৰ পৰা কৰাচীলৈ গৈ আছিল। লাচবেলাৰ সমীপত থকা এখন নদীৰ দলঙৰ ওপৰেৰে তীব্ৰ গতিত ঘূৰি যাওঁতে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাইছিল।

বাছখন দলংখনৰ ৰেলিং ভাঙি নদীত বাগৰি পৰে। তাৰ পাছতে জুই লাগি যায় । লাচবেলাৰ সহকাৰী আয়ুক্ত হামজা অঞ্জুমে জনাই যে বেছিভাগ যাত্ৰী জুইৰ ফলত নিহত হৈছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটো স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ২.১৫ বজাত সংঘটিত হৈছে । এটা শিশুসহ তিনিজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

দেওবাৰে পুৱালৈকে, ১৭ টা দগ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে । পাছত আৰু কেবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছে । স্থানীয় প্ৰশাসনৰ দ্বাৰা মুঠ ৩৯ টা মৃত্যু নিশ্চিত কৰা হৈছে।

ঘটনাটোৰ পৰা বাচি যোৱা সকলৰ বহুতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । ফলস্বৰূপে, আৰক্ষীয়ে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে

আৰক্ষীৰ সূত্ৰ অনুসৰি, বাছখনৰ তলত বহুতো মৃতদেহ হেঁচা খোৱাৰ বাবে আৰু নদীৰ পানীৰ প্ৰবাহৰ বাবে উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিব লগা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, মৃতদেহকেইটা চিনাক্তকৰণ অব্যাহত আছে।

GTM Desk