‘CAA’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে কা-বিৰোধী সমন্বয় সমিতিয়ে
CAA বিৰোধী আন্দোলনৰ বীৰ শ্বহীদসকলৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে মঙলবাৰে নাগৰিকত্ব সংশোধনী আইন “CAA” বিৰোধী সমন্বয় সমিতি, অসমে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। গুৱাহাটীত অনুষ্ঠিত হোৱা অনুষ্ঠানত আয়োজক সমিটিৰ মুৰব্বী বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, অসম তৃণমূল কংগ্ৰেছৰ মুৰব্বী ৰিপুণ বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কংগ্ৰেছৰ নেতা প্ৰবীণ বড়ো, অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, চিপিআই (এম) ৰ প্ৰাক্তন বিধায়ক হেমেন দাস আৰু আপৰ ৰাজ্যিক মুৰব্বী ভৱেন চৌধুৰী উপস্থিত থাকে।