December 6, 2021

‘আন্দোলন কৰিলে কেৱল ছহিদৰ সংখ্যাহে বাঢ়িব’ – জনসভাত অমিত শ্বাহৰ মন্তব্য !

গুৱাহাটী : উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মাক্ষেত্ৰত আজি গৃহমন্ত্ৰী অমিত শ্বাহে উদাত্ত ভাষণ আগবঢ়ায়৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে উপস্থিত হোৱা শ্বাহে ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে ভাষণ আৰম্ভ কৰে৷ ‘কা’বিৰোধী আন্দোলনকে ধৰি বিভিন্ন কাৰণত চলি থকা আন্দোলনৰ প্ৰসংগ টানি ‘আন্দোলন কৰিলে কেৱল ছহিদৰ সংখ্যাহে বাঢ়িব’ – বুলি জনসভাত শ্বাহে কয়৷

২০ সহস্ৰাধিক লোকৰ সমাগম সভাত দুই হাত দাঙি দেশ-মাতৃৰ বন্দনা কৰে অমিত শ্বাহৰ সৈতে উপস্থিত জনতাই৷ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ প্ৰসংগ উত্থাপন কৰি বটদ্ৰৱাক লৈ কংগ্ৰেছ চৰকাৰেঅৱহেলা কৰিলে বুলি মন্তব্য কৰে৷ বটদ্ৰৱাত ঐতিহাসিক স্মাৰক পুনৰ নিৰ্মাণ হ’ব বুলি সভাত ঘোষণা গৃহমন্ত্ৰীগৰাকীৰ৷ শংকৰদেৱৰ অৱদান নামঘৰৰ উন্নয়ন গুৰুত্বপূৰ্ণ বুলি কোৱাৰ লগতে নামঘৰৰ আধ্যাত্মিক বাৰ্তাই বিশ্বৰে সংযোগ কৰিব বুলি ভাষণ প্ৰসংগত কয়৷

error: Content is protected !!
%d bloggers like this: