শপিং মলৰ ট্ৰায়েল ৰূমত মহিলাৰ কাপোৰ সলনি কৰাৰ ভিডিঅ’ লৈ ধৰা পৰিল কৰ্মচাৰী

শপিং মলৰ ট্ৰায়েল ৰূমত মহিলাৰ কাপোৰ সলনি কৰাৰ ভিডিঅ’ লৈ ধৰা পৰিল কৰ্মচাৰী
Image: Representative

শ্বপিং মলৰ ট্ৰায়েল ৰূমত দুগৰাকী মহিলাই কাপোৰ সলনি কৰাৰ সময়ত ভিডিঅ’ কৰিবলৈ চেষ্টা কৰা এজন পুৰুষ কৰ্মচাৰীক হাতে-লোটে ধৰিলে মহিলা দুগৰাকীয়ে। ঘটনাটো সংঘটিত হৈছে শিলচৰত । শিলচৰৰ ক্লাব ৰোডৰ মেক্স শ্বপিং মলৰ ট্ৰায়েল ৰূমত দুগৰাকী মহিলাই কাপোৰ সলনি কৰি থকা ভিডিঅ’ কৰিবলৈ চেষ্টা কৰে বিকাশ ঘোষ নামৰ এজন কৰ্মচাৰীয়ে।

তেওঁ অতি সাৱধানে মোবাইল অন কৰি ভিডিঅ’ ল’বলৈ চেষ্টা কৰি থকা অৱস্থাত ধৰা পৰে। ইয়াৰ পিছতে আৰক্ষীক মাতি আনি বিকাশ ঘোষক আৰক্ষীৰ জিম্মাত গতাই দিয়া হয়। মহিলা ক্ৰেতা দুগৰাকী হৈছে মেডিকেল ছাত্ৰী। তেওঁলোকে জনোৱা মতে, মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মলৰ দ্বিতীয় মহলাৰ ট্ৰায়েল ৰূমত কাপোৰ ট্ৰাই কৰি আছিল।

হঠাৎ কোনোবাই গোপনে ভিডিঅ’ ল’বলৈ চেষ্টা কৰা দেখি লগে লগে হাতে-লোটে ধৰা পেলায়। লগে লগে তেওঁৰ মোবাইলটো কাঢ়ি লৈ ​​ভিডিঅ’টো ডিলিট কৰিবলৈ বাধ্য কৰে। এইক্ষেত্ৰত মলৰ আন কৰ্মচাৰীসকলে সহায় কৰে আৰু যুৱকজনক ট্ৰায়েল ৰূমৰ ভিতৰত আবদ্ধ কৰি ৰাখে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল তাত উপস্থিত হয় আৰু তেওঁলোকে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি গম পায় যে মহিলা দুগৰাকীয়ে সঁচা কথা কৈছে।

অভিযুক্ত বিকাশ ঘোষে কয়, তেওঁ ভিডিঅ’টো ল’বলৈ চেষ্টা কৰিছিল যদিও ল’ব পৰা নাছিল। ট্ৰায়েল কৰাৰ নামত বহু যুৱতীয়ে কাপোৰ চুৰ কৰাৰ খবৰ তেওঁলোকৰ হাতত পৰা বাবেহে কোনোবাই বেছি কাপোৰ ট্ৰাই কৰিলে অলপ চকু ৰাখে বুলি আত্মপক্ষ সমৰ্থনত যুক্তি দিয়ে বিকাশ ঘোষে।

মল কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে চোৱা-চিতা কৰিব আৰু বিকাশ ঘোষে কোনো গোপন উদ্দেশ্যৰে এই কাম কৰা বুলি ধৰা পৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

GTM Desk