প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি আই ডিত গোচৰ

1 min read

অসমৰ কৰ্মস্থলী এৰি মধ্য প্ৰদেশলৈ যোৱা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া প্ৰতীক হাজেলা আইনী মেৰপেঁচত সোমাই পৰাৰ সম্ভাৱনা প্ৰকট হৈছে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত ব্যাপক খেলিমেলি হোৱা বুলি উত্থাপিত হৈ অহা অভিযোগ আৰু এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত এতিয়া ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকী তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা দেখা দিছে৷

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, চমুকৈ এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এইবাৰ অসম আৰক্ষীৰ চি আই ডিৰ দ্বাৰস্থ হৈছে বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মা৷

বিশেষ ছফ্‌টৱেৰ ব্যৱহাৰ কৰি সন্দেহজনক লোকৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাৰ অভিযোগত বৰ্তমানৰ সমন্বয়কগৰাকীয়ে তদন্তৰ বাবে চি আই ডিৰ ওচৰত গোচৰ ৰুজু কৰে৷

নাগৰিকপঞ্জী উন্নীতকৰণত বংশ বৃক্ষৰ সঠিক পৰীক্ষণ নকৰা, খিলঞ্জীয়াৰ ক্ষেত্ৰতো ব্যাপক জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগত বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰাৰ দাবী তুলি হাজেলা আৰু সেই সময়ত তেওঁৰ অধীনস্থ হৈ থকা একাংশ বিষয়াৰ  বিৰুদ্ধে গোচৰ ৰজু কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ১২০ [বি], ১৬৬ [এ], ১৬৭, ১৮১, ২১৮, ৪২০, ৪৬৬ কে ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছে৷

প্ৰাক্তন সমন্বয়জনে ইচ্ছাকৃতভাৱে বহু সন্দেহজনক লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত এনেদৰে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰাৰ অভিযোগো প্ৰাক্তন ৰাজ্যিক সমন্বয়কজনৰ বিৰুদ্ধে উত্থাপন হৈছে৷ সমান্তৰালকৈ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশনাকো প্ৰাক্তন ৰাজ্যিক সমন্বয়কজনে অৱমাননা কৰাৰ অভিযোগ অনা হৈছে৷

অভিযোগ-পত্ৰত উল্লেখ কৰা অনুসৰি নাগৰিকপঞ্জী উন্নীতকৰণৰ সামগ্ৰিক প্ৰক্ৰিয়াটোৰ বিভিন্ন ক্ষেত্ৰত আসোঁৱাহ আছিল৷ এতিয়া বৰ্তমানৰ ৰাজ্যিক সমন্বয়কজনৰ অভিযোগৰ ভিত্তিত চি আই ডিয়ে বিষয়টো কেনেধৰণে আগবঢ়াই নিয়ে সেয়া লক্ষণীয় হ’ব৷ কিয়নো প্ৰতীক হাজেলাই পৰিচালনা কৰা সমগ্ৰ প্ৰক্ৰিয়াটোক ইয়াৰ পূৰ্বে বিজেপি দল আৰু চৰকাৰে কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷

জাতীয় দল-সংগঠনসমূহেও ঘোষিত এন আৰ চিক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল৷ উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোত ব্যাপক খেলিমেলি থকা বুলি শাসক দলটোৰ নেতাই হাজেলাক ক্ষুৰধাৰ সমালোচনা কৰিছিল৷ অসম পাব্লিক ৱৰ্কছ নামৰ বেচৰকাৰী সংগঠনটোৱেও হাজেলাৰ কাম-কাজক লৈ সমালোচনা কৰি তদন্তৰ দাবী কৰিছিল৷

কিন্তু প্ৰাক্তন ৰাজ্যিক সমন্বয়কজনে অসম এৰি নিজৰ গৃহ ৰাজ্যলৈ উভতি যোৱাৰ পাছত বিষয়টো শাম কাটিছিল৷ বিভিন্ন দল-সংগঠনৰ অভিযোগো তল পৰিছিল৷ অতি শেহতীয়াকৈ বৰ্তমানৰ ৰাজ্যিক সমন্বয়কজনৰ অভিযোগৰ ভিত্তিত চি আই ডিত গোচৰ ৰুজু হোৱাত এতিয়া এই অভিযোগে ন-ৰূপ পোৱাৰ সম্ভাৱনা আছে৷

You May Also Like

More From Author