অচিৰে দল ত্যাগৰ তৎপৰতা আৰম্ভ কৰিছে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় ৰাজনীতি এৰি গোহাঁয়ে আদৰি ল’ব বিচাৰিছে আঞ্চলিক ৰাজনীতিক। গোহাঁয়ে তাৰেই ইংগিত দিলে ‘দৈনিক অগ্রদূত’ক। অৱশ্যে কোনটো আঞ্চলিক দলৰ মজিয়াৰ পৰা তেওঁ আগন্তুক দিনত নতুন ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিব সেই তথ্য সদৰী কৰাৰ
Category: Assamese News
ভয়াৱহ ভূমিস্খলনে একপ্ৰকাৰ প্ৰেতপুৰীলৈ পর্যবসিত কৰিলে কেৰালাৰ ৱায়নাড় জিলাৰ বিস্তীর্ণ অঞ্চলক। ভূমিস্খলনৰ ফলত জিলাখনৰ বিভিন্ন স্থানত অসংখ্য ঘৰ-দুৱাৰ, অট্টালিকা তথা গাড়ী- মটৰ চুৰমাৰ হয়। ভূমিস্খলনত সর্বাধিক বিধ্বস্ত হোৱা মুণ্ডাক্কাই জংচন আৰু ইয়াৰ নিকটৱৰ্তী চুৰালমালা নগৰত চৌদিশে কেবল ধ্বংসস্তুপ দেখা গৈছে। পাহাৰৰ পৰা খহি পৰা প্ৰকাণ্ডবহু শিলে চুড়মাৰ কৰে বহু বৃহৎ
কেবল শুনি ভাল লগা ঘোষণাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ হাস্যকৰ চেষ্টা চলিছে। বাস্তৱ সমস্যাবোৰক ঢাকি ৰাখি চলোৱা এই ধৰণৰ তৎপৰতাৰ পৰিণতিতে আজিলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক দ্বিতীয় ষান্মাসিকৰ কথা বাদেই প্রথম ষান্মাসিকৰে ফলাফল ঘোষণা কৰিব পৰা নাই। বিশ্ববিদ্যালয়ৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি উচ্চ শিক্ষানুষ্ঠান খনৰ ওপৰত নতুন নতুন দায়িত্ব জাপি
মৰিগাঁও জিলাৰ শিলপুখুৰীত যৌতুকৰ বাবে এগৰাকী ন-বোৱাৰীক হত্যাৰ অভিযোগ। যৌতুকৰ বাবে স্বামী আৰু স্বামী পৰিয়ালে শাৰীৰিক নির্যাতন চলাই বোৱাৰীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শিলপুখুৰী গাঁৱৰ ইজাজুল ইছলাম নামৰ যুৱকজনে সাত মাহ পূর্বে সামাজিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰীগৰাকীৰ সৈতে। বিয়াৰ পিছৰে পৰা স্বামী আৰু তেওঁৰ পৰিয়ালে বোৱাৰীগৰাকীৰ ওপৰত শাৰীৰিক
নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই:–ৰাজ্যত বিধানসভা ভিত্তিত উপ-জিলা গঠনৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপ-জিলাৰ সদৰ কাৰ্যালয় স্থাপনকলৈ আৰম্ভ হৈছে মতভেদ। চৰকাৰী পক্ষই ৰাইজৰ সুবিধাজনক স্থানৰ বিপৰীতে নিজ ইচ্ছামতে সদৰ কাৰ্যালয় স্থাপনৰ যো-জা চলাইছে বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ চলাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। ৰাজ্যৰ অনান্য উপ-জিলাৰ সমান্তৰালকৈ বঢ়মপুৰ