পাণ-তামোল দোকান দিয়া মাতৃৰ পুত্ৰ এতিয়া বনবিভাগৰ বিষয়া । গর্বিত পুত্ৰই মাতৃৰ পাণ তামোলৰ দোকানত ফটো তুলি লিখিলে এইদৰে-‘মাৰ বহি থকা ঠাইডোখৰ পৰা জীৱনটো আৰম্ভ হৈছিল । মায়ে মোক মানুহ কৰি দিয়াৰ পাছতেও এই তামোলৰ পেকেট, তেতেলী পেকেট ইত্যাদি এৰি দিব পৰা নাই। ঠাই ডোখৰত আবেগ- অনুভূতি, স্মৃতি, সুখ-দুখ জড়িত।
Category: Assamese News
অসমৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিলে সাতোৰবিদ এলভিছ আলী হাজৰিকাই। ভৰ বাৰিষাৰ ব্ৰহ্মপুত্ৰত ৰাতিপুৱা ৫বজাৰ পৰা আবেলি ৫বজালৈ একেৰাহে ১২ঘন্টা সাঁতুৰি অসম বুক অৱ ৰেকৰ্ডছত তেওঁ নিজৰ নাম অন্তৰ্ভুক্ত কৰে; কিন্তু ইয়াৰ আগতে কোনে কৰিছিল এই ৰেকৰ্ডছ আপুনি জানে নে?
শৰাইঘাটৰ দলঙৰ পৰা আত্মহত্যা কৰিবলৈ ওলোৱা যুৱকক বচোৱা আৰক্ষী লংকেশ্বৰ কলিতাক ১০হাজাৰ টকাৰ পুৰস্কাৰ আৰক্ষী আয়ুক্তৰ।
শুকুৰবাৰে মাজনিশা অহা ধুমুহা শিলাবৃষ্টিৰ ফলত ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাটো যথেষ্ট পৰিমাণে ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে । জিলাখনৰ মুছলপুৰৰ সমীপৱৰ্তী বিষ্ণুপুৰ দীঘলদঙাৰ প্ৰায় ৭০ টা পৰিয়ালৰ বাসগৃহৰ টিনপাত সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় নিশা হোৱা শিলাবৃষ্টিৰ ফলত ।যাৰ ফলত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে বাক্সা জিলাৰ এখন গাওঁৰ ৰাইজে
🔴 যাত্ৰীবাহী বাছে মহটিয়াই নিলে চেণ্ট্ৰ’ বাহনক। 🔴 দুৰ্ঘটনাত আহত হৈছে ৩জন লোক। 🔴 তিনিচুকীয়াৰ অম্বিকাপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।