34.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

শৰীৰৰ এই চাৰিটা অংশত তিল থাকটো ধনৱান হোৱাৰ লক্ষণ

Assamese Newsশৰীৰৰ এই চাৰিটা অংশত তিল থাকটো ধনৱান হোৱাৰ লক্ষণ

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক শৰীৰত থকা তিলৰ বিষয়ে জনাব বিচাৰিছোঁ। জ্যোতিষ শাস্ত্ৰৰ মতে শৰীৰত এনেকুৱা কিছুমান মুখ্য স্থান আছে য’ত তিল থাকিলে বহুত ভাল আৰু ভাগ্যশালী বুলি ধৰা হয়। আমাৰ শৰীৰত বহু ঠাইত তিল থকা দেখা যায়। কিছুমান মানুহে এই তিল থাকিলে বহুত ভাল পায়। শৰীৰত বিভিন্ন ঠাইত তিল থাকে আৰু ক’ত ক’ত থাকিলে কি কি হয় জ্যোতিষ শাস্ত্ৰত এই বিষয়ে কোৱা হৈছে। আজি আমি আপোনালোকক এনেকুৱা চাৰিটা স্থানৰ বিষয়ে কম । যাৰ এই চাৰিটা স্থানত তিল থাকে তাক শাস্ত্ৰৰ মতে ভাগ্যশালী বুলি কোৱা হয়। তেতিয়া হ’লে আমি জানো আহঁক চোন ইয়াৰ বিষয়ে-

১ঃ আমাৰ চেহেৰাৰ থুটৰিত যদি তিল থাকে তাক শুভ সংকেত বুলি কোৱা হয়।

শাস্ত্ৰৰ অনুসৰি যাৰ থুটৰিত তিল থাকে তাৰ নহ’ব লগা বেয়া হৈ যোৱা কামো ভাল বা সফল হয় উঠে। এওঁলোকৰ আৰ্থিক স্থিতিও বহুত ভাল হয়। যদি কোনো পুৰুষৰ থুটৰিত তিল থাকে তেতিয়া তাৰ আৰ্থিক স্থিতি বহুত ভাল হয় আৰু মহিলাৰ থুটৰিত তিল থাকিলে তেওঁলোকে বহুত সাজি- কাঁচি ভাল পায় । লগতে সজা-কাঁচাত বহুত পইচা খৰচ কৰা দেখা যায়। থুটৰিত তিল থকা ব্যক্তিয়ে অকমান কষ্ট কৰিলেই বহুত লাভ পায়। থুটৰিত তিল থকা ব্যক্তিসকলৰ কিবা নহয় কিবা এটা গুণ দেখা পোৱা যায়। যিসকল ব্যক্তিৰ থুটৰিৰ একদম মাজত তিল থাকে তেওঁৰ জীৱন সংগীৰ লগত বহুত ভাল সম্পৰ্ক স্থাপন হয়।

২ঃ মানুহৰ নাকত যদি তিল থাকে ।তেনেকুৱা ব্যক্তিসকলৰ মনতো বহুত ভাল আৰু চফা হয়।

এওঁলোক অলপ অভিমানীও হয়। হাঁহি ধেমালি কৰি থাকি এওঁলোকে ভাল পায় আৰু কাৰো প্ৰতি হিংসাৰ মনোভাৱ মনত পুহি নাৰাখে। নিজৰ কষ্টৰ বলতেই আগুৱাই যায়।শাস্ত্ৰৰ অনুসৰি যাৰ নাকত তিল থাকে তেওঁলোকে ৩২ বছৰৰ পৰা সফলতা পাবলৈ ধৰে। নাকত তিল থকা মহিলা সকলে জীৱনত বহুত সফলতা অৰ্জন কৰে।

৩ঃ শাস্ত্ৰৰ অনুসৰি হাতৰ তলুৱাত যদি তিল থাকে তেতিয়া বহুত শুভ বুলি ধৰা হয়। পুৰুষৰ সোঁহাতত আৰু মহিলাৰ বাওঁ হাতত তিল থাকিলে বহুত ভাল বুলি ধৰা হয়। এওঁলোক বহুত ধনী হোৱা দেখা যায়। এওঁলোকৰ সৰু ডাঙৰ সকলো কাম অতি সহজে সম্পন্ন হয়।

৪ঃ ব্যক্তিৰ পিঠিত তিল থাকিলে শাস্ত্ৰৰ অনুসৰি শুভ বুলি ধৰা হয়।

এনেকুৱা ব্যক্তিয়ে ঘূৰি ফুৰিবলৈ ভাল পায়। তেওঁলোকে সুখত থাকি ভাল পায় আৰু বেলেগকো সুখত ৰাখিবলৈ চেষ্টা কৰে। এওঁলোকে পৰিয়ালৰ মানুহৰ বহুত যত্ন লয় আৰু কম বয়সতে বহুত ডাঙৰ সফলতা লাভ কৰে। এওঁলোকে পৰিয়ালৰ মানুহৰ পৰা বহুত মৰম পায়।

প্ৰিয় পাঠকসকল শাস্ত্ৰৰ অনুসৰি এই চাৰিটা স্থানত তিল থাকিলে বহুত শুভ আৰু সেই ব্যক্তিজন বহুত ভাগ্যশালী বুলি ধৰা হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!