আজি পুৱা ৰেলেৰে লামডিঙত উপস্থিত হোৱা ১৭ জন হোজাইলৈ অহা যাত্ৰীক হোজাইৰ প্ৰশাসনে লামডিঙৰ পৰা আনি হোজাইত কোৱৰেন্টিন কৰায়। স্বাগত হোটেল আৰু আনফৰ গেষ্ট হাউচত যাত্ৰী কেইজনক কোৱৰেন্টিনত ৰখা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে । Source: Dainik Janambhumi
Category: Assamese News
নতুনকৈ কোৰোনা ধৰা পৰা লোক ২জন গুৱাহাটীৰ বুলি জানিব পৰা গৈছে। দুয়োজন লোকে কাম কৰিছিল গুৱাহাটীত আলু গুডামত। এই খবৰ বিয়পাৰ লগে লগে আতংকৰ সৃষ্টি হৈছে গুৱাহাটীত। কাৰণ সেই আলু গুডামৰ পৰা ই বিভিন্ন প্ৰান্তলৈ আলু গৈছিল। উল্লেখ্য যে, অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৯১ জন লোক। ইফালে এতিয়ালৈকে
মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংহাৰলীলাত সম্প্রতি জনস্বাস্থ্যৰ সমান্তৰালভাৱে বিধ্বস্ত বিশ্বৰ অর্থনীতি ৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ হৈ থকা লকডাউনৰ পৰিণতিত বন্ধ হৈ পৰিছে উদ্যোগ–কৃষিখণ্ডৰ উৎপাদন তথা বাণিজ্যিকীকৰণ ৷ পৰিণতিত লক্ষ লক্ষজনে কর্মসংস্থাপন হেৰুৱাই হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে৷ বিশ্বৰ অন্যান্য প্রান্তৰ লগতে ভাৰততো শ্রমিক জনতাৰ একেই দুর্দশা৷ কর্মসংস্থাপন
চেলেংহাট, ১৪ মে’: উজনিমুৱা দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰে’ল যোগে মৰিয়নীত উপস্থিত হ’ল ৩৭ জন যাত্ৰী। বৃহস্পতি বাৰে পুৱা ৫ বজাত মৰিয়নী জংচনত প্ৰবেশ কৰে বিশেষ ৰে’ল খন। মৰিয়নীত উপস্থিত হোৱা যাত্ৰীসকলৰ ভিতৰত গোলাঘাটৰ ১৫ জন, যোৰহাটৰ ১৯ জন, মাজুলীৰ ১ জন আৰু শিৱসাগৰৰ ২ জন।মৰিয়নীত যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা পাছতে
গুৱাহাটীৰ ফাঁচী বজাৰ এলেকাত ক’ভিড-১৯ আক্ৰান্ত লোককেইজন বহিঃৰাজ্যৰ ট্ৰাক চালকৰ সংস্পৰ্শলৈ অহাৰ কথা পোহৰলৈ আহিছে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি সোমবাৰে ক’ভিড-১৯ ধৰা পৰা মুংৰু চাহানীকে ধৰি আলুৰ গুদামত কাম কৰা লোকসকল বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক চালক বা হেণ্ডিমেনৰ সংস্পৰ্শলৈ আহিছিল। ইপিনে, বুধবাৰে নতুনকৈ চিনাক্ত হোৱা পোন্ধৰজন