প্ৰাইম ভিডিঅ’ত ” অম্মু” নামৰ তেলেগু চিনেমাখনত অত্যাচাৰী এজন স্বামীৰ দ্বাৰা পত্নী প্ৰহৃত হোৱা দেখুওৱা হৈছে। চিনেমা একোখন যিহেতু সমাজৰে প্ৰতিফলন, গতিকে বুজা গ’ল যে পতিৰ হাতত কেৱল অসমীয়া মহিলাই প্ৰহৃত নহয়, দক্ষিণ ভাৰততো একেই দশা! প্ৰশ্ন হয় কেৱল পতি পত্নীৰ মাজতেই মাৰপিত হয় নেকি? পুৰুষ-মহিলা, পতি-পত্নী নিৰ্বিশেষে যিকোনো এজন
Category: Assamese News
দিল্লী এয়াৰপ’ৰ্টৰ ফুড ক’টত ড’চা এটা লৈ খাবলৈ বহিছিলো। সন্মুখৰ খালী চকীখনত এগৰাকী বিদেশী ভদ্ৰ মহিলাইও কিবা অলপ খোৱা বস্তু হাতত লৈ বহিলহি। ‘মাইৰা’ নামৰ আমেৰিকান মহিলা গৰাকীয়ে বহিয়েই কথা পাতিবলৈ আৰম্ভ কৰিলে। দেখিবলৈ অতীৱ সুন্দৰী মহিলা গৰাকীৰ বয়স ৭৪ বছৰ। ভাৰতলৈ তৃতীয়বাৰৰ বাবে আহিছে। বিভিন্ন মঠ-মন্দিৰ আৰু পাহাৰ বগাই
গৃহভূমিতে ৰণত পৰিছে দক্ষিণ আফ্ৰিকা। এক যুৱ খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলৰ দুৰন্ত অলৰাউণ্ড প্ৰদৰ্শনত দিশহাৰা হৈ পৰিল প্ৰটিয়াছ বাহিনী। ঘৰুৱা দলটোৰ বিপৰ্যয়ৰ কাৰণ হৈ অৰ্শদীপ-আভেশে কঢ়িয়ালে ভাৰতীয় দললৈ আকাংক্ষিত বিজয়। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ অধিনায়ক এইডেন মাৰ্ক্ৰামে সিদ্ধান্ত লৈছিল প্ৰথমে বেটিঙৰ। কিন্তু মাৰ্ক্ৰামৰ এই সিদ্ধান্তক ভুল প্ৰমাণিত কৰি দুৰ্দান্ত
কুমাৰীকাটাত বীৰ বীৰচা মুণ্ডা সোঁৱৰণি ফুটবলত চূড়ান্ত বিজয়ী বাগানপাৰা এফ চি তামুলপুৰ জিলাৰ অসম—ভূটান সীমান্তৱৰ্ত্তী পাটকীজুলিত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত পাটকীজুলি মাইনাও ক্লাৱ ষ্টেডিয়ামত চলি থকা আদিবাসী বীৰ বীৰচা মুণ্ডা সোৱৰণি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলত বাগানপাৰা এফ চি দলে সোণমণি এফ চিক ২—১ গ’লত
নিউজ ব্যুৰ’,নগাঁও,১৭ডিচেম্বৰ:–নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ,সংগ্ৰামী সত্তা, ৰাজনৈতিক ব্যক্তি,সমাজ সংগঠক মুহিৰাম শইকীয়াক ৰবিবাৰে স্মৰণ কৰা হয় ৷ নগাঁও মহাবিদ্যালয়ৰ দীৰ্ঘকালৰ অধ্যক্ষ মুহিৰাম শইকীয়াৰ স্মৃতিত মুকলি কৰা হ’ল এটি আটকধুনীয়া প্ৰৱেশ তোৰণ।মহাবিদ্যালয়ৰ চৌহদৰ সোঁদিশত নিৰ্মাণ কৰা আটকধুনীয়া তোৰণখন মুকলি কৰে সংগ্ৰামী নেত্ৰী ৰেখা শৰ্মাই ৷ নৌচাদ আখতাৰ হাজৰিকাই বন্তি প্ৰজলন আৰু পুষ্প অৰ্পন