গুৱাহাটী, ২ জুলাইঃসৰুসজাইস্থিত ড০ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত আজিৰে পৰা আৰম্ভ হ’ল ৩২ সংখ্যক আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ। পুৱা ৮ বজাত পতাকা উত্তোলনৰে প্ৰতিযোগিতাৰ উদ্ধোধন কৰে অসম সাঁতোৰ সন্থাৰ উপসভাপতি দেৱ হাজৰিকাই। বন্তি প্ৰজ্বলন কৰি উদ্বোধনী শুভেচ্ছা জ্ঞাপন কৰে চুইমিং ফেডাৰেছন অফ ইণ্ডিয়াৰ উপসভাপতি তথা অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক
Category: Assamese News
গুৱাহাটী, ১ জুলাইঃ সোমাবাৰে গোলাঘাট জিলাৰ কংগ্ৰেছৰ জিলা কাৰ্যালয়ৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাহনত লক্ষ্য কৰি একাংশ উদণ্ড কংগ্ৰেছীয়ে বটল নিক্ষেপ কৰা কাৰ্যক ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে ধিক্কাৰ দিয়ে। এনে কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী আৰু অসমৰ কংগ্ৰেছৰ এয়া মুক্ত গুণ্ডামি বুলি অভিহিত কৰে যুৱ মৰ্চাৰ সভাপতি
অসমীয়া ভাষা-সাহিত্য-সমাজ-সংস্কৃতিৰ সেৱাত উৎসৰ্গিত অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদলৈ’-ৰ ১৪ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ ‘হেল্পিং হেণ্ড অ’লড এজ হম’ দেওবাৰে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ২০১১ চনৰ ২০ জুনৰ দিনটোত ফেচবুকত জন্ম লাভ কৰা স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’য়ে কালক্ৰমত ফেচবুকৰ গোটৰ পৰা পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী সংগঠনৰূপে আত্মপ্ৰকাশ
লেখক : মহম্মদ তালহা আমিন বৰুৱা শইকীয়া পৰিয়ালটো বৰ্তমানৰ নগাঁও জিলাত বসবাস কৰা আহোম মুছলমানৰ ঘৰ আছিল। এই পৰিয়ালটোৱেই আছিল অসমত আনকি সমগ্ৰ উত্তৰ-পূৱ অঞ্চলতো অস্তিত্ব লাভ কৰা ব্যৱসায়িক বংশৰ আটাইতকৈ প্ৰভাৱশালী বংশ। শইকীয়া বংশই ১৮ শতিকাৰ ভিতৰত অসমত আহোম শাসনৰ সময়ৰ পৰা আৰম্ভ কৰি ভাৰতৰ ইতিহাসত অসীম অৰিহণা যোগাইছে,
গোঁসাইগাঁও মহকুমাৰ পদ্মবিলত সংঘটিত হৈছে এটি শ্ৰুতিহীন নাৰী নিৰ্যাতনৰ ঘটনা, য’ত এজন স্বামীয়ে পত্নীৰ সম্পত্তিৰ লোভত নৃশংস আক্ৰমণ চলাই মৃত্যুৰ দুৱাৰত উপনীত কৰিছে। স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আক্ৰমণৰ মূল অভিযুক্ত সাহজামাল শেখ নামৰ ব্যক্তি জন গোঁসাইগাঁও মহকুমাৰ