নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:– E TV Bharatৰ জন্মলগ্নৰ পৰাই মৰিগাঁও জিলাৰ পৰা সংবাদসেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই । মঙলবাৰে নিশা বাতৰি সংক্ৰান্তীয় এক খবৰৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱা পাছত নিশাই ৰাজপথত মুমূর্ষু অৱস্থাত উদ্ধাৰ হয় সাংবাদিক ৰাতুল ডেকাৰ ৰক্তাক্ত দেহ। সাংবাদিকজনক নিজ গৃহৰ পৰা কিছু দূৰত ৰাস্তাৰ কাষত
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট :–চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নতুন পেঞ্চন স্কীম ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। কৰ্মচাৰীসকলৰ বাবে কৰা চৰকাৰৰ এই ঘোষণাক আদৰণি জনাই মঙলবাৰে লামডিঙত এক সংবাদ মেল আয়োজন কৰে। লামডিং ৰেলৱে মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সংবাদ মেলত লামডিং ডিভিজন মাণ্ডলিক প্ৰবন্ধক গৰাকীৰ লগতে লামডিং মণ্ডলৰ জ্যেষ্ঠ বাণিজ্যিক শাখাৰ প্ৰবন্ধক জ্যেষ্ঠ
স্মৃতিগ্ৰন্থ হ’ল সমাজৰ একোটা সময় মূল্যবান দলিল স্বৰূপ নিউজ ব্যুৰ’,নগাঁও,২৮আগষ্ট:–নগাঁৱৰ আমোলাপট্টিৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী যুক্তিনাথ খাউণ্ডৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি উপলক্ষে মংগলবাৰে স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ এই উপলক্ষে আমোলাপট্টি নাট্যমন্দিৰ প্ৰাংগণত তেওঁৰ পৰিয়ালৰ সহযোগত পোনা খাউণ্ড গোস্বামীৰ দ্বাৰা প্ৰকাশিত আৰু বেবেজীয়াৰ সাংবাদিক কল্যাণ কুমাৰ বৰাই সম্পাদনা
নিউজ ব্যুৰ’,নগাঁও,২৫আগষ্ট:–নগাঁও জিলাৰ দেওধৰ-পাখিমৰিয়াস্থিত অসম সাহিত্য সভাৰ অগ্ৰণী শাখা জ্যোতি শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে ৰবিবাৰে সদৌ নগাঁও জিলা ভিত্তিক এখনি কবি সন্মিলন অনুষ্ঠিত হয়।দেওধৰ চাৰিআলিৰ সমীপৰ পাখিমৰিয়া গাওঁস্থিত ৩৮ নং পাখিমৰিয়া নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা কবি সন্মিলনখনি আৰম্ভ
নিউজ ব্যুৰ’,নগাঁও,২৫আগষ্ট:–নগাঁও জিলাৰ ধিঙত মানৱ সমাজক লজ্জানত কৰা ধৰ্ষণ কাৰ্যৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। ইয়াৰ মাজতে ৰবিবাৰে নগাঁৱত নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে ধৰ্ষণ সন্দৰ্ভত সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। নগাঁৱত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয় যে ধিঙৰ ঘটনাটো অকল