22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

CBI আৰু CIDৰ কাম সম্পূৰ্ণ বেলেগ বেলেগ! জানো আহক কোনটো সংস্থাই কি কৰে?

Assamese NewsCBI আৰু CIDৰ কাম সম্পূৰ্ণ বেলেগ বেলেগ! জানো আহক কোনটো সংস্থাই কি কৰে?

চিবিআই আৰু চিআইডিৰ নাম নিশ্চয় শুনিছে। চৰকাৰে অতি গুৰুতৰ, জটিল বা গোপনীয় পৰ্যায়ৰ অপৰাধমূলক গোচৰৰ দায়িত্ব চিবিআই আৰু চিআইডিৰ হাতত অৰ্পণ কৰে। চিবিআই আৰু চিআইডি দুটা বেলেগ বেলেগ এজেন্সী আৰু দুয়োটাৰে কামো বেলেগ বেলেগ। এই দুয়োটে সংস্থাক লৈ বহু লোক বিভ্ৰান্ত হৈয়েই আছে। এই বিভ্ৰান্তি দূৰ কৰিবলৈ আমি এই দুয়োটা সংস্থাৰ কাম-কাজ আৰু তেওঁলোকৰ মাজৰ পাৰ্থক্য উল্লেখ কৰিব বিচাৰিছোঁ।

CBI কি?

চিবিআইক লৈ প্ৰায়ে চৰ্চা হয়। চি বি আই অৰ্থাৎ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এটা কেন্দ্ৰীয় সংস্থা, যিয়ে ভাৰত চৰকাৰৰ নিৰ্দেশত দেশৰ যিকোনো কোণত তদন্ত কৰিব পাৰে। ইয়াত মূলতঃ দুৰ্নীতি, হত্যা আৰু কেলেংকাৰীৰ গোচৰৰ তদন্ত কৰা হয়। ১৯৬৩ চনত চিবিআই প্ৰতিষ্ঠা কৰা হৈছিল।

CID কি?

চি আই ডি অৰ্থাৎ অপৰাধ অনুসন্ধান বিভাগ ১৯০২ চনত ব্ৰিটিছ ৰাজত্বৰ সময়ত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতিখন ৰাজ্যতে সুকীয়া চি আই ডি আৰক্ষী আছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত অপহৰণ, হত্যা, চুৰি আদি সম্পৰ্কীয় গোচৰৰ তদন্ত কৰে। ইয়াৰ বাহিৰেও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতো ৰাজ্য চৰকাৰে যিকোনো গোচৰৰ তদন্তৰ বাবে চি আই ডিক দিব লগা হয়।

দুয়োটাৰ মাজত পাৰ্থক্য কি?

এতিয়ালৈকে আপুনি নিশ্চয় বুজি পাইছে যে দুয়োৰে কাম কি আৰু তেওঁলোকে কাৰ অধীনত কাম কৰে। এতিয়া ৫ টা পইণ্টত ইহঁতৰ মাজৰ পাৰ্থক্যটোও বুজোঁ আহক-

১.চিবিআইৰ কৰ্মক্ষেত্ৰ হৈছে সমগ্ৰ দেশ, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ বা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইয়ে সমগ্ৰ দেশতে তদন্ত কৰিব পাৰে।
২.চি আই ডি ৰাজ্য চৰকাৰৰ তদন্তকাৰী সংস্থা, গতিকে সেই ৰাজ্যৰ ভিতৰতহে গোচৰৰ তদন্ত কৰিব পাৰে।
৩.চিবিআইৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণ থাকে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত যিকোনো দেশৰ যিকোনো গোচৰৰ তদন্ত কৰিব পাৰে।
৪.চিবিআইলৈ অহা গোচৰসমূহ কেন্দ্ৰীয় চৰকাৰ বা উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে চিবিআইৰ হাতত গতাই দিয়ে।
৫.চি আই ডিয়ে লাভ কৰা গোচৰসমূহ ৰাজ্য চৰকাৰ বা উচ্চ ন্যায়ালয়ৰ দ্বাৰা দিয়া হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!