সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ চকা বন্ধ…

1 min read

গুৱাহাটী: অহা সোমবাৰ অর্থাৎ ৫ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকাললৈ ব্যৱসায়িক যাত্ৰীবাহী যান-বাহনৰ চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। সদৌ অসম মটৰ পৰিবহন সন্ধাই বহু কেইটা দাবীত এই চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব।

ব্যৱসায়িক যাত্ৰীবাহী যান-বাহনৰ মালিক আৰু শ্ৰমিকৰ লগতে সমূহ ৰাইজক চকা বন্ধ কাৰ্যসূচী পালন কৰিবলৈ আৰু সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে সদৌ অসম মটৰ পৰিবহন সন্ধাই।

তেওঁলোকৰ দাবী- আছাম মটৰ ভেহিকল টেক্সেশ্যন এক্ট ১৯৩৬ অনুযায়ী কোৰোনা ভাইৰাছৰ আইন বলবৎ থকাৰ কাৰণে ব্যৱসায়িক যাত্ৰীবাহী যান-বাহনৰ পথ কৰ এবছৰলৈ ৰেহাই দিব লাগে।

লগত ঋণ থকা ব্যৱসায়িক যাত্ৰীবাহী বাহনৰ ঋণৰ ওপৰত লোৱা জৰিমণা মাফ কৰা, কোভিড মহামাৰীৰ দুৰ্যোগৰ সময়ত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আদিও দাবী উত্থাপন কৰি ৰাজ্যত চকা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব সদৌ অসম মটৰ পৰিবহন সন্থাই।

You May Also Like

More From Author