26.6 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

চৰাইদেউত আৰক্ষীৰ গুলিত গভাইত চোৰ সন্তোষ জয়ছোৱাল নিহত

Assamese Newsচৰাইদেউত আৰক্ষীৰ গুলিত গভাইত চোৰ সন্তোষ জয়ছোৱাল নিহত

চৰাইদেউ জিলাৰ সাপেখাতি আৰক্ষী থানাৰ অন্তৰ্গত চেঁচাসত্ৰ আজি বিয়লি আৰক্ষীৰ গুলিত এটা গভাইত চোৰ নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য মতে নিহত গভাইত চোৰটোৰ নাম সন্তোষ জয়ছোৱাল আৰু তাৰ ঘৰ কাষৰীয়া ডিব্ৰুগড় জিলাৰ বৰবাম আৰক্ষী চকীৰ অন্তৰ্গত ঘূৰাচৰা চাৰিআলিত বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণি মতে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ বিভিন্ন আৰক্ষী থানাত সন্তোষৰ বিৰুদ্ধে একাধিক বাইক চুৰিকে আদি কৰি বিভিন্ন  অপৰাধত জড়িত থকাৰ গোচৰ ৰুজু হৈ আছিল। ইয়াত পৰিপ্ৰেক্ষিতত দুইখন জিলাৰ আৰক্ষীয়ে সন্তোষক আটক কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছিল। আজি বিয়লি প্ৰায় চাৰি বজাত চৰাইদেউ জিলাৰ সাপেখাতি আৰক্ষী থানাৰ অন্তৰ্গত চেঁচাসত্ৰ গাওঁত অৱস্থিত শহুৰেকৰ ঘৰত সন্তোষে আত্মগোপন কৰি থকাৰ নিশ্চিত তথ্য লাভ কৰি বৰবাম আৰক্ষী থানাৰ দল এটাই অভিযান আৰম্ভ কৰে।

এখন বলেৰ বাহনত আৰক্ষীৰ দলটোৱে চৰাইদেউ জিলাত প্ৰৱেশ কৰি সন্তোষৰ শহুৰেকৰ ঘৰৰ সন্মুখত উপস্থিত হওঁতেই গভাইত চোৰটোৱে বাৰীৰ পিছফালে দৌৰি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ দলটোৱে তাক ৰবলৈ নিৰ্দেশ দিয়ে। কিন্তু আৰক্ষীৰ নিৰ্দেশ অৱজ্ঞা কৰি সন্তোষে পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ দলটোৰ এজনে তাক লক্ষ্য কৰি তিনিজাই গুলিছালনা কৰে।

আৰক্ষীৰ এটা গুলি সন্তোষৰ পিঠিত লাগি পেটেদি ওলাই যোৱাৰ বিপৰীতে আন এটা গুলি তাৰ ভৰিত লগাত গভাইত চোৰটো ঘটনাস্থলীত ঢলি পৰে। আৰক্ষীৰ দলটোৱে আহত সন্তোষক কৰায়ত্ব কৰি দলটো অহা গাড়ীখনত তুলি লৈ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ নিয়ে যত চিকিৎসকে ইতিমধ্যে গভাইত চোৰটোৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। আৰক্ষীয়ে সন্তোষে অনা বাইকখন জব্দ কৰি লৈ যায়। শেহতীয়াকৈ পোৱা তথ্য মতে আৰক্ষীৰ দলটোৱে চলোৱা এটা গুলিত এজনী ছাগলী আহত হৈছে। ঘটনাটোৱে ইতিমধ্যে চৰাইদেউ আৰু ডিব্ৰুগড় জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!