ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ চৰকাৰ; ছমাহত গ্রেপ্তাৰ হ’ব হাজাৰ হাজাৰ স্বামী

ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ চৰকাৰ; ছমাহত গ্রেপ্তাৰ হ’ব হাজাৰ হাজাৰ স্বামী

ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ বর্তমানৰ ৰাজ্য চৰকাৰ৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বাল্য বিবাহ ৰোধ আৰু ১৮ বছৰৰ তলৰ ছোৱালীয়ে সন্তান জন্ম দিয়াৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিব৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ এইক্ষেত্রত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে প্রচাৰ কৰাৰ দায়িত্ব আৰু কর্তব্য আছে৷ অহা ৫–৬ মাহৰ ভিতৰত ৰাজ্যত হাজাৰ হাজাৰ স্বামী গ্রেপ্তাৰ হোৱাৰ লগতে বহুতৰে যাৱজ্জীৱন কাৰাদণ্ডও হ’ব৷ কাৰণ ১৪ বছৰৰ তলৰ ছোৱালীৰ গাত হাত দিলে যাৱজ্জীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে৷ সেইদৰে ১৮ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱাটো বৈধ নহয়৷ এইক্ষেত্রত চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিব৷ সেই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই কম বয়সতে বিয়া পতাটো যেনেদৰে ভাল কাম নহয়, সেইদৰে অধিক বয়সলৈ সন্তান জন্ম নিদিয়াটোও সঠিক নহয়৷ ২২ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিব লাগে৷ ইয়াৰ আগতেও সন্তান জন্ম দিব নালাগে আৰু পাছত জন্ম দিয়াৰ কথাও চিন্তা কৰিব নালাগে৷ ৩০ বছৰ অতিক্রম কৰাৰ পাছত সন্তান জন্ম দিয়াৰ ক্ষেত্রত বহু জটিলতা আহি পৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সকলোকে উক্ত সময়সীমাৰ ভিতৰত বিয়া পতাৰ আহ্বান জনায়৷

GTM Desk

Related