শিশুটিৰ সৈতে আপুনিও কৰে নেকি এই ভুল, আজিয়ে পৰিহাৰ কৰক

1 min read

পিতৃ-মাতৃ হ’ল আমাৰ জীৱনদাতা, পালনকৰ্তা আৰু জীৱনৰ দিশ নিৰ্ণয়কাৰী। মাক-দেউতাকৰ অশেষ কষ্ট আৰু ত্যাগৰ বলত ল’ৰা-ছোৱালী জন্ম আৰু ডাঙৰ-দীঘল হয় । সন্তানৰ শিক্ষা, জ্ঞান, সামাজিক,সাংস্কৃতিক সকলো দিশ প্ৰথম অংকুৰণ হয় নিজ ঘৰখনৰপৰাই। সকলো পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক ভালকৈ পঢ়া-শুনোৱা কৰোৱাৰ পাছত জীৱনটো সু-প্ৰতিষ্ঠা লাভ কৰাৰ সপোন দেখে। তাৰে কিছু অভিভাৱক এই ক্ষেত্ৰত সফল হয় আৰু আন কিছুৱে অসফল হ’লে ভাগ্যক দোহাই দি ৰৈ যায়।

জন্মৰ পৰা ২-৩ বছৰৰ সময়খিনিতে শিশুৰ সম্পূৰ্ণ মানসিক বিকাশ ঘটে আৰু ভৱিষ্যতে সেই শিশু মাক- দেউতাক, পৰিয়াল, সমাজ ব্যৱস্থা আৰু পৃথিৱীৰ বাবে কি কৰিব তাৰ ভেটি স্থাপন হয়। এই সময়খিনিতে শিশুৰ সৈতে ঘটি যোৱা সৰু-ডাঙৰ এটা এটা ঘটনা প্রবাহে শিশুৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। লগতে বহু শিশুৰ ওপৰত অভিভাবকৰ আচৰণেও প্ৰবল প্ৰভাৱ বিস্তাৰ কৰে।

এইক্ষেত্ৰত অভিভাবক সকলৰ কিছু কৰণীয়-

ক) শিশুৰ সৈতে কঠোৰ আচৰণ নকৰা : শিশুয়ে ভুল কৰিবই, ভুলৰ পৰা শিক্ষা লৈয়ে শিশু এদিন পৰিপক্ক হৈ পৰে। পিতৃ-মাতৃৰ ৰূঢ় আচৰণৰ বিপৰীতে শিশুটিক তিৰস্কাৰ নকৰি কিছু কৌশলৰে ভুল আঙুলিয়াই দিয়ক। অন্যথা শিশুটিৰ মনত বিদ্বেষ ভাব জন্মাটো স্বাভাবিক ।

খ) শিশুৰ প্ৰতি সজাগ হোৱা : শিশুৰ পৰা প্রাপ্তবয়স্ক হ’বলৈ শিশুক পিতৃ-মাতৃ দুয়োজনৰে সান্নিধ্যৰ অতি প্রয়োজন। শিশুৰ সৈতে অভিভাবকৰ যোগাযোগৰ অভাৱে শিশুক অকলশৰীয়া অনুভৱ কৰাই আৰু তাৰ ফলত শিশুটিয়ে নিজৰ মনে যি ইচ্ছা কৰে তাকে কৰিবলৈ আৰম্ভ কৰে। যাৰফলত তেওঁলোকে এনে কিছুমান ভুল কৰি পেলাই যিবোৰে শিশুটিৰ ভৱিষ্যত জীৱন নিঃশেষ কৰিবলৈ আগবাঢ়ে।

গ) শিশুৰ সৃজনশীলতাৰ প্ৰতি লক্ষ্য দিয়া : শিশু এটিৰ সৃজনশীলতা আৰু সৃষ্টিশীলতাখিনি লক্ষ্য কৰি, নজৰ দি শিশুটিৰ কোনটো কামত ধাউতি, সেই কামত উৎসাহিত কৰিলে শিশুৰ ভৱিষ্যতৰ বাবে সুফলদায়ক হ’ব। তাৰ ফলত শিশুৰ জীৱন ৰুচিশীল আৰু নান্দনিক হৈ পৰিব।

ঘ) শিশুৰ আনন্দ আৰু বিনোদনত গুৰুত্ব : কুমলীয়া শিশু মনে সকলো সময়তে আনন্দ, স্ফূর্তি বিচাৰে, খেলিব বিচাৰে, হাঁহিব বিচাৰে, ফুৰিবলৈ বিচাৰে। দুখ কষ্টৰে ভাৰাক্ৰান্ত হৈ ডাঙৰ হোৱা শিশু আনন্দ উল্লাসেৰে ডাঙৰ হোৱা শিশু সকলোতকৈ ভৱিষ্যত জীৱনত বহু পিছুৱাই থাকে। দুখ কষ্টত ভাৰাক্ৰান্ত শিশুৰ মগজুৰ বিকাশ সম্পূৰ্ণ হ’বলৈ নাপায়। সেয়ে এই বিষয়ত মনোযোগ দিয়া অভিভাৱকৰ দায়িত্ব।

ঙ) শিশুৰ গুৰুত্বপূৰ্ণ দিনবোৰত কাষত থকা : শিশুৱে মাক-দেউতাকক আটাইতকৈ আপোন বুলি গণ্য কৰে। শিশুৰ জন্মদিন, বিহু, পূজা আদিত শিশুৱে নিজৰ মাক- দেউতাকৰ সৈতে উদযাপন কৰিবলৈ পছন্দ কৰে । আৰু সেই বিশেষ সময় আৰু বিশেষ দিনবোৰত পিতৃ-মাতৃক লগত নাপালে তেওঁলোকে অসহায় বোধ কৰে, সেই একাকীত্বই শিশুক পিতৃ-মাতৃৰ সৈতে দূৰত্ব বঢ়ায় তোলে।

চ) আন শিশুৰ সৈতে তুলনা: শিশু এটিক আন শিশুৰ সৈতে কেতিয়াও তুলনা নকৰিব। সকলো শিশুৰে পাৰদৰ্শিতা বেলেগ বেলেগ। আন শিশুৰ সৈতে নিজৰ শিশুক তুলনা কৰিলে শিশুটি হীনমন্যতাত ভুগিব পাৰে। ফলত শিশুটিয়ে নিজকে শেষ কৰি দিয়াৰো উদাহৰণ আমাৰ সমাজত আছে।

You May Also Like

More From Author