বাল্যবিবাহৰ বাবে পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ ভয়ত আত্মহনন স্বামীহাৰা ২ সন্তানৰ মাতৃৰ।

বাল্যবিবাহৰ বাবে পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ ভয়ত আত্মহনন স্বামীহাৰা ২ সন্তানৰ মাতৃৰ।

পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাত চৰম সিদ্ধান্ত ল’লে এগৰাকী মহিলাই। ১২ বছৰ বয়সতে বিয়া হৈছিল খুচবু বেগম নামৰ ২ সন্তানৰ মাতৃগৰাকী। এতিয়া খুচবুৰ বয়স হৈছিল ২৩ বছৰ। ঝাউদাঙা পূবেৰ গাঁৱত সংঘটিত হৈছে এই মৰ্মন্তুদ ঘটনা।

২০১২ চনতে বিবাহপাশত আবদ্ধ হৈছিল খুচবু। স্বামী মনোজ মিঞাৰ সৈতে বিবাহপাশত আ‍দ্ধ হোৱাৰ সময়ত খুচবুৰ বয়স আছিল ১২ বছৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে কোভিডত মৃত্যু হৈছিল খুচবুৰ স্বামীৰ।


কিন্তু শেহতীয়াকৈ ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ সময়তে খুচবুৱে ল’লে চৰম সিদ্ধান্ত। ১২ বছৰ বয়সতে পিতৃ–মাতৃয়ে বিয়া খুচবুৱে পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাতে এই সিদ্ধান্ত লোৱাৰ অভিযোগ উঠিছে। খচবুৰ চৰম সিদ্ধান্তৰ পিছত এতিয়া পিতৃগৃহত হাহাকাৰ লাগিছে। বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।

Shahnawaz Hamza