লাডাখত ভাৰতীয় সেনাই বন্দী কৰিলে চীনা সৈনিক

লাডাখত ভাৰতীয় সেনাই বন্দী কৰিলে চীনা সৈনিক

ভাৰত-চীনৰ সংঘাতৰ মাজতে আজি বন্দী কৰা হৈছে এগৰাকী চীনা সৈন্যক। ভাৰতীয় সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, পিপলছ লিবাৰেচন আৰ্মীৰ উক্ত সেনা জোৱানজনে ভাৰত-চীন সীমাৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা অৱস্থাত চুমাৰ-ডেমচুক অঞ্চলত কৰায়ত্ত কৰে ভাৰতীয় সেনাই।

অৱশ্যে সেনা বাহিনীৰ ফালৰ পৰা কোৱা হৈছে যে চীনা সেনাজনে ভুলক্ৰমে ভাৰতত প্ৰৱেশ কৰিছিল। সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত তেওঁক পুনৰ দেশখনক গতাই দিয়াৰ সম্ভাৱনা আছে। হাতত কোনো অস্ত্ৰ-শস্ত্ৰ নথকা চীনা সেনাজনক সোধা-পোছা অব্যাহত ৰাখিছে ভাৰতীয় সেনাই। ৱাং য়া লং বুলি চিনাক্ত কৰা সেনাজনৰ লগত পোৱা গৈছে চীনৰ অসামৰিক আৰু সামৰিক কিছু নথিপত্ৰ।

Shahnawaz Hamza

Related