34.6 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

মহানগৰীৰ বজাৰত মিঠাইৰ দাম দুগুণ বৃদ্ধি, গাখীৰৰ দাম বৃদ্ধিৰ অজুহাত

Assamese Newsমহানগৰীৰ বজাৰত মিঠাইৰ দাম দুগুণ বৃদ্ধি, গাখীৰৰ দাম বৃদ্ধিৰ অজুহাত

সমাগত শাৰদীয় দুর্গোৎসৱ৷ ক’ৰোনা সৃষ্টি পৰিৱেশৰ মাজতেই বিভিন্ন সমস্যাক নেওচি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰীত বসবাস কৰা হিন্দু ধর্মাৱলম্বী লোকসকলে অনুষ্টুপিয়াকৈ পূজাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে৷ শাৰদীয় দুর্গোৎসৱৰ প্রাক মুহূর্তত অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি কৰি গ্রাহকক মাধমাৰ শোধাইছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ সমান্তৰালভাৱে মহানগৰীৰ বজাৰত উপলব্ধ প্রতিবিধ মিঠাইৰো মূল্য দুগুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

ছয়মাইল, খানাপাৰা, গণেশগুৰি আদি বিভিন্ন ঠাইৰ মিঠাইৰ দোকানত প্রতিবিধ মিঠাইৰ ৫–১০ টকা পর্যন্ত বৃদ্ধি কৰি অসাধু ব্যৱসায়ীয়ে গ্রাহকক মাধমাৰ শোধাইছে৷ এই সন্দর্ভত একাংশ গ্রাহকে অভিযোগ কৰি কয় যে বর্তমান বজাৰত প্রয়োজনীয় প্রতিবিধ সামগ্রীৰ মূল্যবৃদ্ধি হৈছে৷ শাক–পাচলি, ফলমূলৰ লগতে মিঠাই অধিক দামত ক্রয় কৰিবলগীয়া হৈছে৷ পূর্বতে উপলব্ধ ১৫ টকাৰ মিঠাই বর্তমান ২০ৰ পৰা ২৫ টকা পর্যন্ত দামত ক্রয় কৰিবলগীয়া হৈছে৷

অৱশ্যে মহানগৰীৰ অঞ্চলভেদে মিঠাইৰ দোকানত প্রতিবিধ মিঠাইৰ দাম ভিন্ন৷ প্রাপ্ত অভিযোগ অনুসৰি ৰসগোল্লাৰ দাম ১৫ টকা, আন ক’ৰোবাত আকৌ ২০ টকা পর্যন্ত বিক্রী কৰি আহিছে৷ মিঠাইৰ ক্ষেত্রত চৰকাৰ তথা প্রশাসনৰ তৰফৰ পৰা কোনো নির্ধাৰিত মূল্যৰ ব্যৱস্থা নথকাৰ ফলতে আজি বজাৰত যিয়ে যেনেকৈ পৰিছে তেনেকৈ মিঠাইৰ দাম গ্রাহকৰ পৰা আদায় লৈ আহিছে মিঠাইৰ ব্যৱসায়ীসকলে৷

ইয়াৰ উপৰি বহু সময়ত ব্যৱসায়ীসকলে গ্রাহকক ম্যাদ উকলি যোৱা মিঠাই যোগান ধৰা পৰিলক্ষিত হৈ আহিছে৷ আনহাতে, ছয়মাইলৰ এগৰাকী মিঠাইৰ ব্যৱসায়ী কার্তিক সাহাই কয় যে মিঠাই প্রস্তুতৰ বাবে প্রয়োজনীয় গৰু গাখীৰৰো মূল্য পূর্বৰ তুলনাত বৃদ্ধি হৈছে৷ পূর্বতে প্রতি লিটাৰ গাখীৰৰ দাম ৫০ টকা আছিল যদিও বর্তমান অধিক মূল্য পৰিশোধ কৰিবলগীয়া হৈছে৷

তদুপৰি মিঠাই প্রস্তুতৰ বাবে প্রয়োজনীয় অন্যান্য সামগ্রীৰো মূল্য পূর্বৰ তুলনাত যথেষ্ট বৃদ্ধি হৈছে, যাৰ পৰিণতিত বর্তমান প্রতিটো ৰসগোল্লা ২০ টকা, চন্দ্র ছুইটছ ২০ টকা, কালাকান ২৫ টকা, বুন্দিয়া লাডু ২০ টকা, চানা গজা ১৮ টকা, মালাই ছম ছম ২০ টকা, কাজু বৰফি ১৮ টকা, কেছৰ ভোগ ২০ টকা, মায়া ভোগ ২০ টকা, কেছৰ বৰফি ২৪ টকা, মিল্ক কেক ১৮ টকা, ৰস মালাই ৩৫ টকা ৰস মালাই বাতি ৪০ টকা, বেচন বৰফি ২০ টকাত বিক্রী কৰা হৈছে৷

ইপিনে, গাখীৰৰ মূল্য বৃদ্ধি সন্দর্ভত বৃহত্তৰ গুৱাহাটী গো–পালক সন্থাৰ এক সূত্রই জনোৱা মতে, লকডাউনৰ পূর্বে প্রতি লিটাৰ গাখীৰত ২ টকাকৈ মূল্য বৃদ্ধি হৈছিল৷ ফলত প্রতিলিটাৰ গাখীৰৰ মূল্য ৪৬ টকাৰ পৰা বৃদ্ধি হৈ ৪৮ টকা হৈছিল৷ লকডাউন অব্যাহত থকা সময়ত কোনো কোনো গাখীৰ বিক্রেতাই নিজাববীয়াকৈ অধিক দামত গাখীৰ বিক্রী কৰিছিল যদিও বর্তমান পূর্বৰ মূল্যত গাখীৰ বিক্রী কৰা হৈছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!