fbpx

গুৱাহাটীৰ হাতীগাঁৱত ৬৭ লাখ টকাৰ চিগাৰেট জব্দ

গুৱাহাটী মহানগৰীত বাহৰ পাতি আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রই কৰ ফাঁকিৰে বিদেশী চিগাৰেটৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে৷ সীমা শুল্ক বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত আজি অভিযান চলাই হাতীগাঁৱৰ কেৰাকুছিৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়৷ সীমা শুল্ক বিভাগৰ অভিযানকাৰী দলটোৱে কেৰাকুছিৰ এজন লোকৰ ঘৰৰ পৰা ২৭,৯২০ পেকেট বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা বিদেশী চিগাৰেটখিনিৰ বজাৰমূল্য প্রায় ৬৭ লাখ টকা৷ অভিযানকাৰী দলটোৱে বিদেশী চিগাৰেট সৰবৰাহৰ লগত জড়িত এজন লোককো গ্রেপ্তাৰ কৰে৷ অভিযানকাৰী দলটোৰ জেৰাত ধৃত লোকজনে ম্যানমাৰৰ পৰা চিগাৰেটখিনি মিজোৰাম হৈ গুৱাহাটীলৈ সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰিছে৷

error: Content is protected !!
%d bloggers like this: