fbpx
September 21, 2021

অক্টোবৰত খুলিব ৰাজ্যৰ চলচ্চিত্র গৃহ

ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা চলচ্চিত্র গৃহসমূহ অহা অক্টোবৰ মাহৰ পৰা খোলাৰ সম্ভাৱনা আছে৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত এই ইংগিত দি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে চৰকাৰে চিনেমা গৃহসমূহ অতি সোনকালে খোলাৰ বাবে চিন্তা–চর্চা কৰিব৷ বর্তমান যিহেতু নিশা ৯ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয়, সেয়ে নিশা আঠ বজাৰ ভিতৰত সকলো বন্ধ কৰিব লাগে৷ চিনেমা গৃহ চলিব লাগিলে সান্ধ্য আইনৰ সময়সীমা আৰু কিছু পলমকৈ আৰম্ভ হ’ব লাগিব৷ সেই বাধা আঁতৰাৰ উপৰি সকলোৱে ভেকচিন লৈ চিনেমা গৃহত আহিছে নে নাই, সেয়া পৰীক্ষা কৰাটো সম্ভৱ নহয়৷ সেয়ে চৰকাৰে প্রথমতে অধিকসংখ্যক লোকক ভেকচিন দি লোৱাটো বিচাৰিছে৷

স্বাস্থ্যমন্ত্রী মহন্তই আৰু কয় যে চলিত ছেপ্ঢেম্বৰ মাহত ক’ভিডৰ সংক্রমণ ৰাজ্যখনত কিমান হ্রাস পায় সেয়া পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে চিনেমা গৃহ খোলাৰ সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব৷

error: Content is protected !!
%d bloggers like this: