বাছৰ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ দাবী মটৰ পৰিবহণ সন্থাৰ

1 min read
ইন্ধনৰ মূল্যবৃদ্ধিয়ে সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে প্ৰভাৱ পেলাইছে । পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় আৰু ক্ৰমবৰ্ধিত মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এইবাৰ বৃদ্ধি পাব যাত্ৰীবাহী বাছৰ ভাড়া । এই সন্দৰ্ভত সদৌ অসম মটৰ পৰিবহণ সন্থাই ৰাজ্যত যাত্ৰীবাহী যান-বাহনৰ ভাড়া বৃদ্ধি কৰাৰ বাবে চৰকাৰক আহ্বান জনাই অসম চৰকাৰৰ পৰিবহণ আয়ুক্তক স্মাৰক পত্ৰ দিছে । সেই অনুসৰি সন্থাই  বাছৰ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ প্ৰস্ত‍াৱ আগবঢ়াইছে । এই সন্দৰ্ভত সদৌ অসম পৰিবহণ মটৰ সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে কয় যে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বোজা বহন কৰাটো এতিয়া অসম্ভৱ হৈ পৰিছে । এইটো পৰিস্থিতিত বৰ্তমানৰ ভাড়াৰে বাছসমূহ চলাই থকাটো সম্ভৱ নহয় । যাৰবাবে বাছ ভাড়া ৭০ শত‍াংশ বৃদ্ধি কৰাৰ দাবী জনোৱা হৈছে । তেওঁ লগতে কয় যে ইয়াৰ ব‍াবে এটা ফৰ্মূলা দিয়া হৈছে আৰু যিটো চৰকাৰে গ্ৰহণ কৰি সেইধৰণে ভাড়া বঢ়াব পাৰে । আনহাতে পহিলা এপ্ৰিলৰ পৰা টোলগেটৰ কৰো ১৫ শতাংশ বৃদ্ধি কৰা হ’ল । য‍াৰ বাবে যাত্ৰীবাহী যান-বাহন উদ্যোগটো তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰে ।

You May Also Like

More From Author