বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীৰ নিজা প্ৰচেষ্টাৰে UPSC/APSC কোচিংৰ বাবে বিশেষ ব্যৱস্থা

বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীৰ নিজা প্ৰচেষ্টাৰে UPSC/APSC কোচিংৰ বাবে বিশেষ ব্যৱস্থা

বিটিআৰৰ কাৰ্যবাহী সদস্য তথা নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ সঞ্জীত তাঁতীৰ মহানুভৱতা | নিজাববীয়াকৈ আৰ্থিক দিশত পিছপৰা স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতি সকলৰ বাবে বিনামুলীয়া APSC/UPSC কোচিংৰ ব্যবস্থা |
আৰ্থিক অনাতনৰ বাবে কোনো এজনৰ সপোন শেষ হৈ যাব নালাগেঃ সঞ্জীত তাঁতী।

এগৰাকী দক্ষ IAS/IPS/ACS/APS হোৱাৰ সপোন সকলোৰে থাকে | পিছে আৰ্থিক দিশত টনকিয়াল হোৱাৰ বাবে দুখীয়া ঘৰৰ বহু মেধাসম্পন্ন যুৱক-যুৱতি সপোন সাৰ্থক কৰিবলৈ সক্ষম নহয় |

বিটিআৰৰ কাৰ্যবাহী সদস্য তথা ওদালগুৰি জিলাৰ অন্তৰ্গত ৩৩ নং নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ সঞ্জীত তাঁতীৰ মহানুভৱতাৰ কথা শুনিলে আপুনিওঁ ভগৱানৰ ওচৰত তেখেতৰ মংগলৰ হকেঁ কামনা কৰিব | হয়, নিজ সমষ্টিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক-যুৱতী সকলৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি সম্পূৰ্ণ বিনামূলীয়াকৈ অসম লোকসেৱা আয়োগ (APSC)ৰ বিশেষ কোচিং-ৰ ব‍্যৱস্থা কৰিছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ যুৱক-যুৱতী সকলৰ বাবে উক্ত কোচিং-ৰ সুবিধাটোয়ে যথেষ্ট লাভান্বিত কৰিব যুৱক-যুৱতি সকলক | ইতিমধ্যে বিনামূলীয়া কোচিং-ৰ সূবিধা গ্ৰহণ কৰবলৈ ২০০ৰো অধিক যুৱক-যুৱতি সকলে আৱেদন কৰিছিল | আৱেদন সমূহৰ প্ৰতি লক্ষ্য ৰাখি যুৱত-যুৱতি সকলৰ মাজত অনুস্থিত কৰিছিল বাছনি পৰীক্ষা | অহা ১ জুনত এই বাছনি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি কাৰ্যবাহী সদস্য গৰাকীয়ে জানিবলৈ দিয়ে | যুৱত-যুৱতি সকলৰ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ যি আগ্ৰহ, সেয়া নোনাই চেৰফাং পৰিষদীয় সমষ্টিটেৰ বাবে শুভ লক্ষণ বুলি কয় সঞ্জীত তাঁতীয়ে | লগতে তেওঁ কয় যে প্ৰত্যক বছৰে নিজ সমষ্টিৰ যুৱক-যুৱতি সকলৰ বাবে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ৱলৈ বিনামূলীয়াকৈ বিশেষ কোচিংৰ ব্যবস্থা কৰা হ’ৱ। ইপিনে, বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে ৩৩ নং নোনাই চেৰফাং সমষ্টিবাসীৰ লগতে সমগ্র বিটিআৰবাসীৰ তথা অসমবাসীয়ে সামাজিক মাধ্যমৰ যোগেদিও কৃতজ্ঞতা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আনহাতে, টকা-পইছাৰ অভাৱৰ বাবে কোনো যুৱক-যুৱতীয়ে যাতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোনটো বিসৰ্জন দিবলগীয়া নহয়, সেয়াই মোৰ উদ্দেশ্য বুলি কয় সঞ্জীত তাঁতীয়ে। লগতে ভাল কামৰ বাবে মই সদায় ৰাইজৰ লগত আছো বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে।

GTM Desk

Related