নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস

নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস

ক’ভিড পৰিস্থিতিত বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ 2021-22 শৈক্ষিক বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) য়ে ৷ ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এক জাননীযোগে এই ঘোষণা কৰিছে ৷ ক’ভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ এপ্ৰিলৰ তৃতীয় সপ্তাহৰপৰা বন্ধ ৰখা হৈছে শিক্ষানুষ্ঠানসমূহ ৷

ইয়াৰ পাছতে বিদ্যালয়সমূহক অনলাইন ক্লাছৰ জৰিয়তে পাঠদান চলাই থাকিবলৈ নিৰ্দেশ দিয়া হয় যদিও বিভিন্ন কাৰণত বহু ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব পৰা নাছিল ৷ যাৰ পৰিপেক্ষিতত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সুবিধা হোৱাকৈ 2019-20 শৈক্ষিক বৰ্ষৰ তুলনাত 2021-22 শৈক্ষিক বৰ্ষত প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰমে প্ৰায় 40 শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই ৷ সংশোধিত কোৰ্চ পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয় পৰিদৰ্শকসকললৈ পি ডি এফত যোগান ধৰা হ’ব ৷

এই সংশোধিত পাঠ্যক্ৰম বিদ্যালয়ৰ মুৰব্বী, শিক্ষক আৰু নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰচলন কৰা হ’ব ৷ সংশোধিত পাঠ্যক্ৰম ছেবাৰ ৱেবছাইট www.sebaonline.org তো উপলব্ধি হ’ব ৷

GTM Desk

Related