34.1 C
Assam
Thursday, August 18, 2022

Featured News

উপ–নির্বাচনত ছটা সমষ্টিতে প্রার্থিত্ব দিব ৰাইজৰ দলে!

Assamese Newsউপ–নির্বাচনত ছটা সমষ্টিতে প্রার্থিত্ব দিব ৰাইজৰ দলে!

কংগ্রেছৰ সৈতে মিত্রতাৰে আগন্তুক উপ–নির্বাচনত অৱতীর্ণ হ’বলৈ দিল্লীত তৎপৰ হৈ পৰা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ প্রস্তাৱক পুনৰ নস্যাৎ কৰিছে প্রদেশ কংগ্রেছে৷ উপ–নির্বাচনৰ লগতে আগন্তুক লোকসভা নির্বাচনতো মিত্রতাৰে বিজেপিক পৰাভূত কৰাৰ প্রস্তাৱ লৈ যোৱাকেইদিন নতুন দিল্লীত ব্যস্ত হৈ থকা বিধায়ক অখিল গগৈ আজি গুৱাহাটীত উপস্থিত হৈ এই মিত্রতাৰ প্রসংগ দোহাৰিছে৷

উল্লেখ্য যে দিল্লীত ৰাহুল গান্ধী আৰু কংগ্রেছৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকক সাক্ষাৎ কৰি মিত্রতা সন্দর্ভত আলোচনা কৰা অখিল গগৈয়ে এইবুলি উল্লেখ কৰিছিল যে উপ–নির্বাচনত ৰাইজৰ দলৰ সৈতে কংগ্রেছৰ মিত্রতা হোৱাটো পোষকতা কৰে৷ গুৱাহাটীত শুকুৰবাৰে অখিল গগৈয়ে ৰাহুল গান্ধীয়ে একেলগে আগবঢ়া উচিত বুলি তেওঁক ইতিবাচক সঁহাৰি দিয়া বুলিও মন্তব্য কৰে৷ বিধায়ক গগৈয়ে আজি ইয়াকো উল্লেখ কৰে যে ৰাইজৰ দল, কংগ্রেছ আৰু আন বিৰোধী শক্তিসমূহ একত্রিত হ’লে উপ–নির্বাচনৰ চাৰিটা সমষ্টিত বিজেপিৰ সৈতে তুমুল যুঁজ দিব পৰা যাব আৰু অতি কমেও তিনিটা সমষ্টি দখল কৰিব পাৰিব এই মিত্রতাই৷

অখিল গগৈৰ এনে ৰাজনৈতিক তৎপৰতাৰ বিপৰীতে কিন্তু নতুন দিল্লীত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই পুনৰ এই মিত্রতাক নস্যাৎ কৰিছে৷ ভূপেন বৰাই কয়– অখিল গগৈয়ে যি বক্তব্য প্রকাশ কৰি আছে, কৰি থাকক৷ তাক লৈ মই প্রতিক্রিয়া প্রকাশ কৰিব বিচৰা নাই৷ তেওঁ পুৱা এটা, গধূলি এটা কথা কয়৷ যদি এনেধৰণৰ চিন্তা–চর্চা অসমৰ ৰাইজে ভাল পায় বুলি ভাবে, তেন্তে কৰি থাকক৷ আলোচনাৰ পৰিৱেশ কোনোবাই বেয়া কৰিছে, কোনোবাই ভাল কৰিছে৷ আনহাতে ৰাহুল গান্ধীয়ে অখিল গগৈৰ মিত্রতাৰ প্রস্তাৱত ইতিবাচক ইংগিত দিছে বুলি শিৱসাগৰৰ বিধায়কগৰাকীয়ে কৰা মন্তব্য সন্দর্ভতো ভূপেন বৰাই প্রতিক্রিয়া প্রকাশ কৰি কয়– ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে আমি ইতিমধ্যে কথা পাতিছোঁ৷

ৰাষ্ট্রীয় দল হিচাপে কংগ্রেছৰ কিছু সিদ্ধান্ত হাইকমাণ্ডে গ্রহণ কৰে আৰু কিছু সিদ্ধান্ত ৰাজ্যিক কমিটীক গ্রহণ কৰিব দিয়া হয়৷ উপ–নির্বাচনৰ প্রসংগত ইতিমধ্যে হাইকমাণ্ডে আমাৰ জ্যেষ্ঠ নেতাসকলক সিদ্ধান্ত গ্রহণৰ কর্তৃত্ব দিছে৷ মই নাভাবোঁ যে প্রদেশ কংগ্রেছৰ নতুন সভাপতিগৰাকীক হাইকমাণ্ডে দিনে–নিশাই পৰামর্শ দিব৷ ইফালে আজি অখিল গগৈয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়– লুৰিণজ্যোতি গগৈয়ে ৰাজনীতিলৈ অহাৰ ক্ষেত্রত যথেষ্ট কষ্ট কৰিব লাগিব৷ তেওঁ বিধানসভালৈ নির্বাচিত হৈ অহাটো উচিত৷ ইয়াৰ বাবে প্রয়োজনত ৰাইজৰ দলে সহায়–সহযোগিতা আগবঢ়াব৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: