মুখ্যমন্ত্ৰী সোণোৱালে গুৱাহাটীত জিলাসমূহৰ উপায়ুক্ত, চক্ৰ বিষয়া আৰু আন বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স

মুখ্যমন্ত্ৰী সোণোৱালে গুৱাহাটীত জিলাসমূহৰ উপায়ুক্ত, চক্ৰ বিষয়া আৰু আন বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স

এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), চতুৰ্দশ বিত্ত আয়োগৰ অধীনস্থ তৃণমূল কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত জিলাসমূহৰ উপায়ুক্ত, চক্ৰ বিষয়া, জিলা উন্নয়ন আয়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয়।

মুখ্যমন্ত্ৰীয়ে বিষয়াবৰ্গক আজি কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে-

➡️ ৰাজমিস্ত্ৰীৰ কামৰ দক্ষতা থকা প্ৰব্ৰজিত শ্ৰমিকসকলক শীঘ্ৰে কামত নিয়োগ কৰিবলৈ নিৰ্দেশ
➡️ তৃণমূল পৰ্যায়ৰ কাম-কাজক আগুৱাই নিয়াৰ বাবে প্ৰব্ৰজিত দক্ষ শ্ৰমিকসকলক প্ৰয়োজনীয় খণ্ডত নিয়োগৰ নিৰ্দেশ
➡️ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত খণ্ড উন্নয়ন বিষয়াসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে আৰু বিভিন্ন চৰকাৰী কাম-কাজ ৰূপায়ণৰ ক্ষেত্ৰত পঞ্চায়ত পৰ্যায়ৰ বিশিষ্ট ব্যক্তিসকলৰপৰা সঘনাই দিহা-পৰামৰ্শ ল’বলৈ নিৰ্দেশ দিয়ে
➡️ NFSA কাৰ্ড নথকা হিতাধিকাৰীক আৰ্থিক সাহায্য প্ৰদানত হোৱা অনিয়মৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ
➡️ এম জি এনৰেগাৰ জব কাৰ্ড থকাসকল যাতে যাৱতীয় কাম-কাজত নিয়োজিত হয়, সেয়া নিশ্চিত কৰাৰ নিৰ্দেশ

খণ্ড উন্নয়ন বিষয়াসকলে খণ্ড পৰ্যায়ত নেতৃত্ব লোৱাৰ লগতে জনসাধাৰণৰ আস্থা তথা বিশ্বাস বুটলিব লাগিব আৰু যুৱশক্তিক উৎসাহিত কৰি উপাৰ্জনমুখী কৰি তুলিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। লগতে, জাতিৰ পিতা মহাত্মা গান্ধীৰ পঞ্চায়তীৰাজৰ সপোনক আধুনিক ধ্যান-ধাৰণাৰে সুদৃঢ় কৰি তুলিব লাগিব বুলিও উল্লেখ কৰে।

সামাজিক দূৰত্ব বজাই ৰাখি পঞ্চায়ত পৰ্যায়ত এতিয়াৰপৰা ১০০% কাম ৰূপায়িত হ’ব। এই ক্ষেত্ৰত লকডাউন কোনোধৰণৰ অন্তৰায় নহ’ব : মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

আজিৰ ভিডিঅ’ কনফাৰেন্সত ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী নৱ কুমাৰ দলে, শ্ৰী যোগেন মহন আৰু উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।

GTM Desk