fbpx

মুখ্যমন্ত্রীৰে আজি ১৫৭ সংখ্যালঘু সংগঠনৰ গুৰুত্বপূর্ণ বৈঠক

অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ ১৫৭ সংখ্যালঘু সংগঠন–ব্যক্তিৰে এখন বৈঠকত মিলিত হ’ব৷ খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দিনৰ দুই বজাৰ পৰা বিয়লি চাৰি বজালৈ হ’বলগীয়া ‘আলাপ আৰু আলোচনা’ শীর্ষক বৈঠকখনত ধর্মীয় সংখ্যালঘুসকলৰ সবলীকৰণৰ বাবে বিভিন্ন ধর্মীয় সংখ্যালঘু সংগঠন, বুদ্ধিজীৱী আৰু আগশাৰীৰ নাগৰিকসকলৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই এক পাৰস্পৰিক বার্তালাপত মিলিত হ’ব৷

ৰাজ্যখনৰ ধর্মীয় সংখ্যালঘুসকলৰ সবলীকৰণৰ ক্ষেত্রত প্রধান অন্তৰায় তথা প্রত্যাহ্বান হিচাপে দেখা দিয়া জনসংখ্যাৰ বিস্ফোৰণ কেনেদৰে নিয়ন্ত্রণলৈ আনিব পাৰি, সেই বিষয়ক লৈ মূলতঃ বৈঠকখনত আলোচনা হ’ব বুলি জানিব পৰা গৈছে৷

আজি হ’বলগীয়া সেই বৈঠকতে ধর্মীয় সংখ্যালঘুসকলৰ জনসংখ্যা নিয়ন্ত্রণ কেনেদৰে কৰিব পাৰি, সেই সম্পর্কত সহমতৰ ভিত্তিত চৰকাৰে আগবঢ়াৰ নীতি গ্রহণৰ পৰিকল্পনা কৰিছে৷ তাৰ বাবেই বিভিন্ন জিলাৰ ধর্মীয় সংখ্যালঘু সংগঠনৰ নেতা, বুদ্ধিজীৱী, সাহিত্যিক, লেখকসকলৰ সৈতে মত বিনিময়ৰ ব্যৱস্থা গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে কাইলৈৰ সেই বৈঠকত সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীও উপস্থিত থাকিব৷

error: Content is protected !!
%d bloggers like this: