যৌৱন ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰক নাৰিকল তেলৰ এই পাঁচবিধ ফেচপেক

0 min read

নৰিকল তেল অতি প্ৰাচীন কালৰ পৰাই ৰূপচৰ্চাৰ এক উল্লেখনীয় সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে । নাৰিকল তেলত থকা প্ৰাকৃতিক উপাদানে ছালৰ উৰ্বৰতা ধৰি ৰাখে ।

কেৱল ছালেই নহয় নাৰিকল তেলে চুলিৰ সৌন্দৰ্যও বৃদ্ধি কৰে । কিন্তু ছালৰ সৌন্দৰ্যচৰ্চাৰ বাবে নাৰিকল তেল কেনেকৈ ব্যৱহাৰ কৰে ?

১/ নাৰিকল তেল , এল’ভেৰা জেল : নাৰিকল তেলৰ লগত এল’ভেৰা জেল মিহলি কৰি নাইট ক্ৰিম হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে । যিহেতু নাৰিকল তেলে ছাল পৰিষ্কাৰ কৰাৰ লগতে শীতকালত হোৱা ছালৰ শুকান ভাৱ দূৰ কৰাত সহায় কৰে ।

২/ নাৰিকল তেল , কেঁচা গাখীৰৰ ফেচপেক : কেঁচা গাখীৰৰ লগত নাৰিকল তেল মিহলি কৰি মুখত লগাব লাগে । এই মিশ্ৰণে ছালত ক্লিনজাৰৰ কাম কৰে । ইয়াক বহুদিনলৈ ফ্ৰিজত সংৰক্ষণ কৰিও ৰাখিব পাৰি । যেতিয়াই ছালৰ ৰুক্ষতা আহে ,আপুনি ফ্ৰিজৰ পৰা এচামুচ মিশ্ৰণ লৈ ছালত লগাব পাৰে ।

৩/ নাৰিকল তেল , ভিটামিন ই : নাৰিকল তেলৰ লগত ভিটামিন ই অইল খুব ভালদৰে মিহলি কৰি ল’ব লাগে । শীতকালত যিসকল লোকৰ ছাল ফটা সমস্যা থাকে , তেওঁলোকে এই ক্ৰিম ব্যৱহাৰ কৰিলে সহজেই ছাল ফটা সমস্যা ৰোধ হয় ।

৪/ নাৰিকল তেল , বিলাহীৰ ৰস : এই পদ্ধতিত নাৰিকল তেলৰ লগত বিলাহীৰ ৰস মিহলি কৰি ছালত লগাব লাগে । যিহেতু বিলাহীত প্ৰাকৃতিক ব্লিচিং প্ৰপাৰ্টি থাকে , যি আপোনাৰ ছালখন পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰখাত সহায় কৰে । এই মিশ্ৰণ নিয়মিত ব্যৱহাৰ কৰিলে ই আপোনাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ।

৫/ নাৰিকল তেল , দৈ : নাৰিকল তেলৰ লগত দৈ মিহলি কৰি মুখত লগাব লাগে । যিহেতু ই স্ক্ৰাবৰ কাম কৰে । দৈনিক এই মিশ্ৰণ ব্যৱহাৰ কৰিলে দেখিব যে , আপোনাৰ ছাল ভীষণ সুন্দৰ আৰু পৰিষ্কাৰ হৈ পৰিছে ।

You May Also Like

More From Author