নাৰিকলৰ বহুতো লাভালাভ আছে। ইয়াৰ দৈনন্দিন ব্যৱহাৰে সদায় চুলি আৰু ছাল উন্নত কৰে। সকলোৱে প্ৰায়ে নাৰিকলৰ মনোমোহা গুণাগুণৰ বিষয়ে অৱগত। কিন্তু খুব কমসংখ্যক মানুহে নাৰিকলৰ বাকলিৰ বিশেষত্ববোৰ জানে। প্ৰায়ে দেখা যায় যে নাৰিকল খোৱাৰ পিছত, মানুহে ইয়াৰ বাকলি পেলাই দিয়ে। কিন্তু এই পেলনীয় নাৰিকলৰ বাকলিৰ পৰা বহু পৰিমাণে লাভাম্বিত হ’ব পাৰি।
~ ফুলা আঁতৰ হয়
মানুহে প্ৰায়ে আঘাতৰ বাবে নাৰিকল তেল ব্যৱহাৰ কৰে। যেতিয়া আঘাত হয় তেতিয়া ফুলা ঠাইত নাৰিকল তেল লগাই দিয়া যায়। নাৰিকলৰ বাকলিৰে আঘাতৰ ফুলাও আঁতৰ কৰিব পাৰি। ইয়াৰ বাবে নাৰিকলৰ বাকলিৰ গুৰি কৰি ইয়াক হালধিৰ সৈতে মিহলি কৰক আৰু ইয়াক ফুলা স্থানত প্ৰয়োগ কৰক, ই ফুলা হ্ৰাস কৰে।
~ দাঁত উজ্জ্বল কৰে
সাধাৰণতে প্ৰায়সংখ্যক লোকৰে দাঁত হালধীয়া পৰাৰ সমস্যা দেখা যায়। কিন্তু, নাৰিকলৰ বাকলি ব্যৱহাৰ কৰি দাঁতৰ হালধীয়া দাগ আঁতৰ কৰিব পাৰি। ইয়াৰ বাবে, নাৰিকলৰ বাকলি জ্বলাই পাউডাৰ কৰি লব। এই পাউডাৰত চডা মিহলি কৰি ইয়াক দাঁতত পাতলকৈ মালিচ কৰক। এনেদৰে কেইদিনমান ব্যৱহাৰ কৰিলে ইয়াৰ প্ৰভাৱ দেখা যাব।
~ চুলি ক’লা কৰে
বগা চুলি ক’লা কৰিবলৈ নাৰিকলৰ বাকলিও ব্যৱহাৰ কৰা হয়। এটা চচপেনত নাৰিকলৰ বাকলি গৰম কৰি পাউডাৰ বনাওক। এই পাউডাৰটো নাৰিকল তেলত মিহলি কৰক। পিছত এইখিনি চুলিত প্ৰয়োগ কৰিব। এনেদৰে কৰিলে কম সময়তে চুলি ক’লা হ’ব। মনত ৰাখিব দ্ৰৱণটো প্ৰয়োগ কৰাৰ এঘণ্টা পিছত চুলি ধুই পেলাব।
~ কোষ্ঠকাঠিন্যৰ পৰা সঁকাহ
কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰ কৰিবলৈ নাৰিকলৰ বাকলি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে নাৰিকলৰ বাকলি জ্বলাই গুৰি বনাই লওক। দৈনিক খালী পেটত পানীৰে এই পাউডাৰ খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হ’ব। নাৰিকলৰ বাকলিত থকা আঁহে শৰীৰৰ বহুতো সমস্যা আঁতৰ কৰে।
~ ঋতুস্ৰাৱত সকাহ প্ৰদান
নাৰিকলৰ বাকলিয়ে ঋতুস্ৰাৱৰ বিষৰ সমস্যাত সকাহ দিয়ে। ইয়াৰ বাবে নাৰিকলৰ বাকলি জ্বলাই মিহি গুৰি বনাওক। ইয়াক পানীৰ সৈতে খালে বিষত সকাহ পোৱা যায়। যদি কাৰোবাৰ এলাৰ্জি হয়, তেন্তে লগে লগে ইয়াক গ্ৰহণ কৰা বন্ধ কৰি চিকিৎসকৰ পৰামৰ্শ ল’ব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।