fbpx

অৱশেষত দুজনকৈ প্ৰাক্তন বিধায়কে শুকুৰবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দল ত্যাগ কৰিলে । এই দুই প্ৰাক্তন বিধায়ক হ’ল ডাঃ দূৰ্লভ চমুৱা আৰু মামুন ইমদাদুল হক চৌধুৰী ।

নগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ডাঃ দূৰ্লভ চমুৱাই আজি দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

আনহাতে নাওবৈচা বিধানসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে আজি ত্যাগ কৰে বদৰুদ্দিন আজমলৰ দল । প্ৰাক্তন বিধায়ক গৰাকীয়ে আজি এআইইউডি এফৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি দলৰ সভাপতি বদৰুদ্দিন আজমললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

মনকৰিবলগীয়া যে, বিগত বিধানসভা নিৰ্বাচনত ডাঃ চমুৱা আৰু ইমদাদুল হক চৌধুৰী উভয়কে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিছিল কংগ্ৰেছ আৰু এআইইউ‌ডিএফে ।

error: Content is protected !!