22.7 C
Assam
Saturday, March 25, 2023

Featured News

চাৰি বছৰীয়া সন্তানক এৰি আলফালৈ কাকপথাৰৰ দম্পতী!

Assamese Newsচাৰি বছৰীয়া সন্তানক এৰি আলফালৈ কাকপথাৰৰ দম্পতী!

তিনিচুকীয়াৰ কাকপথাৰত চাঞ্চল্যকৰ ঘটনা।চাৰি বছৰীয়া সন্তানক এৰি এইবাৰ পিতৃ-মাতৃ দুয়ো একেলগে আলফালৈ যোৱাৰ সন্দেহ।কাকপথাৰৰ ১ নং চেলেংগুৰি গাঁৱৰ অচ্যুত নেওগ আৰু মমতা নেওগ নামৰ স্বামী-স্ত্ৰীয়ে আলফা স্বাধীনলৈ যোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে,বিগত ৫ মে’ তাৰিখে ডিৰাক কপাহতলিৰ পৰা চেলেংগুৰি গাঁৱৰ মুল ঘৰখনলৈ দুয়োগৰাকী আহিছিল আৰু সেইদিনাই ঘৰৰ পৰা ওলাই গৈছিল।সেই ওলাই যোৱাৰ পাছৰে পৰা দুয়োৰে কোনো খা খবৰ নাই।পাছত পৰিয়ালৰ সন্দেহ দুয়ো একেলগে আলফালৈ গৈছে।

বৃদ্ধ পিতৃয়ে  চাৰি বছৰীয়া সন্তানক এৰি যোৱা দুয়ো পুত্ৰ-বোৱাৰীক উভতাই পঠাবলৈ পৰেশ বৰুৱালৈ কাতৰে আহ্বান জনাইছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!