ক’ভিড নিগেটিভ ৰিপৰ্ট লৈহে দৰ্শন কৰিব পাৰিব কামাখ্যা দেৱালয়

1 min read

ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত কেইবামাহো ধৰি বন্ধ হৈ আছে কামাখ্যা দেৱালয়ৰ দুৱাৰ। বৃহস্পতিবাৰৰ  পৰা প্ৰশাসনে দেৱালয়ৰ দুৱাৰ খোলাৰ নিৰ্দেশ দিছিল যদিও এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে দলৈ সমাজে।

এতিয়াৰে পৰা কামাখ্যালৈ অহা দৰ্শনাৰ্থীয়ে লৈ আহিব লাগিব ৩ দিন পূৰ্বৰ ক’ভিড টেষ্টৰ নিগেটিভ ৰিপৰ্ট।

এদিনত প্ৰায় ৫০০গৰাকী দৰ্শনাৰ্থীয়ে দৰ্শন কৰিব পাৰিব মা কামাখ্যা মন্দিৰ।

যিহেতু কামাখ্যা ধামত যথেষ্ঠ সংখ্যক মানুহৰ ভিৰ হয় গতিকে অধিক ভক্ত হ’লে মন্দিৰ পৰিচালনাত অসুবিধা হ’ব বুলি মন্তব্য কৰে দলৈ সমাজে।

সেয়েহে দৰ্শনাৰ্থীৰ থকা-খোৱাৰ সু ব্যৱস্থা নোহোৱা পৰ্যন্ত খোল নাখায় মন্দিৰৰ দুৱাৰ।

এই সন্দৰ্ভত পৰৱ্ৰতী সময়ত সদৰী কৰিব মন্দিৰ কৰ্তৃপক্ষই।

 

You May Also Like

More From Author