ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়িকা মিতালী ৰাজৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়িকা মিতালী ৰাজৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

ভাৰতীয় মহিলা দলৰ ক্ৰিকেটাৰ তথা প্ৰাক্তন অধিনায়ক মিতালী ৰাজে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। যোৱা ২৩ টা বছৰ ধৰি ক্ৰিকেট খেলি থকা মিতালী ৰাজে বুধবাৰে ৩৯ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় জনায়।

মিতালী ৰাজ এদিনীয়া ক্ৰিকেটত ভাৰতীয় মহিলা দলৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী। আনকি এগৰাকী অধিনায়ক হিচাপেও তেওঁ সৰ্বাধিক জয় লাভ কৰিছে। মিতালী ৰাজৰ অৱসৰ মহিলা ক্ৰিকেটৰ বাবে এক ডাঙৰ খবৰ।মিতালীয়ে টুইটাৰত এটা দীঘলীয়া বাৰ্তা প্ৰদান কৰি নিজৰ অৱসৰ ঘোষণা কৰিছিল। তেওঁৰ বাৰ্তাত লিখিছিল, “যেতিয়া মই নীলা জাৰ্চীত মোৰ দেশক প্ৰতিনিধিত্ব কৰিছিলো তেতিয়া মই বহুত সৰু আছিলোঁ। এই যাত্ৰা যথেষ্ট দীঘলীয়া হৈছে৷ যোৱা ২৩ টা বছৰ মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ মুহূৰ্ত। প্ৰতিটো যাত্ৰাৰ দৰে, এই যাত্ৰাৰ সমাপ্তি ঘটিছে আৰু আজি মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছো।”

 

GTM Desk

Related