বিজেপিৰ আমোলত অসমত নাৰীজনিত অপৰাধ বৃদ্ধিঃ কংগ্রেছ

0 min read

বিজেপিৰ আমোলত অসমত নাৰীজনিত অপৰাধ বৃদ্ধি পাইছে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ (এন চি আৰ বি)ৰ তথ্যৰ উদ্ধৃতি দি কালি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত এই দাবী কংগ্রেছৰ৷ প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শর্মা, প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী নন্দিতা দাস, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক ৰ’জলীনা তির্কী, নিখিল ভাৰত মহিলা কংগ্রেছৰ সাধাৰণ সম্পাদিকা বিস্মিতা গগৈ আৰু সম্পাদিকা জুৰি শর্মা বৰদলৈয়ে সংবাদ মেলখনত কয় যে এন চি আৰ বিৰ তথ্য অনুযায়ী অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আহিছে৷

২০১৬ চনত পঞ্জীয়ন হোৱা নাৰীজনিত অপৰাধৰ সংখ্যা ২০,৮৬৯টা৷ ২০১৭ চনত সেই সংখ্যা ২৩,০৮২টালৈ বৃদ্ধি পায়৷ ২০১৮ চনত সেই সংখ্যা ২৭,৭২৮টালৈ বৃদ্ধি হয়৷ ২০১৮ চনত দেশৰ ভিতৰতে অসমত সর্বোচ্চ ৬৬টা ধর্ষণ আৰু হত্যাৰ ঘটনা পঞ্জীয়ন হয়৷ ২০১৮ চনত অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ হাৰ ১৬৬, যিটো ৰাষ্ট্রীয় গড় হাৰ (৫৮.৮)ৰ প্রায় তিনিগুণ৷ তদুপৰি ২০১৮ বর্ষত অসমত দেশৰ ভিতৰতে মহিলাৰ বিৰুদ্ধে ছাইবাৰ অপৰাধৰ ঘটনাৰ ক্ষেত্রতো ২৯৫টা পঞ্জীয়ন হোৱা গোচৰেৰে শীর্ষত আছে৷ ২০১৯ চনত আকৌ অসমে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্রত ১৭৭.৮ প্রতি লাখ জনসংখ্যা হিচাপত একেৰাহে তিনি বছৰৰ বাবে শীর্ষত থাকি ৰাজ্যবাসীক লজ্জানত কৰিছে৷

এই উদ্বেগজনক তথ্যবোৰে এইটোৱেই সূচায় যে মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা ধর্ষণ–হত্যাৰ ইমানবোৰ ঘটনাৰ লগত জড়িত দোষীক বিচাৰি উলিওৱাত আৰু দোষীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্রদান কৰাত চৰকাৰ আৰু চৰকাৰৰ প্রশাসনযন্ত্র চৰম ব্যর্থ হৈছে৷ নহ’লে ইমান বর্ধিত হাৰত সংঘটিত হোৱা এনেবোৰ ঘটনাই ধাৰাবাহিকভাৱে ৰাষ্ট্রীয় প্রেক্ষাপটত ৰাজ্যখনক লজ্জানত কৰি নাথাকে৷ সংবাদ মেলখনত তেওঁলোকে যোৱা ১২ জানুৱাৰীত ডিব্রুগড় জিলাৰ টিংখাং সমষ্টিত এগৰাকী ১৮ বছৰীয়া চাহ জনগোষ্ঠীৰ যুৱতীক ধর্ষণ কৰি হত্যা কৰাৰ লগতে যুৱতীগৰাকীৰ বৰমাককো হত্যা কৰে৷ কিন্তু আৰক্ষীয়ে এতিয়াও দুর্বৃত্তক কৰায়ত্ত কৰিব পৰা নাই৷ যোৱা বছৰ ফেব্রুৱাৰী মাহত গহপুৰত নাবালিকাৰ গণধর্ষণ আৰু হত্যাৰ লগত জড়িত দুষৃকতিকাৰী এতিয়াও মুকলি আকাশৰ তলতে আছে৷ যোৱা পাঁচটা বছৰত এনেধৰণৰ বহু ঘটনা ৰাজ্যখনত সংঘটিত হৈছে৷

You May Also Like

More From Author