বিধানসভালৈ নৱনির্বাচিত ৮৫ জনপ্রতিনিধিয়েই কোটিপতি

0 min read

অসম বিধানসভালৈ নতুনকৈ নির্বাচিত হোৱা ১২৬জন বিধায়কৰ ভিতৰত ৮৫ জনপ্রতিনিধয়েই হৈছে কোটিপতি৷ বিগত নির্বাচনৰ তুলনাত কোটিপতি বিধায়কৰ সংখ্যা এইবাৰ ১০ শতাংশ বৃদ্ধি পাইছে৷ ২০১৬ চনত নির্বাচিত হোৱা বিধায়কসকলৰ ৭২জন আছিল কোটিপতি৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফ’মছ (এ ডি আৰ) নামৰ সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি নৱনির্বাচিত বিধায়কসকলৰ ভিতৰত বিজেপিৰ ৪৩জন কোটিপতি৷ সেইদৰে কংগ্রেছৰ ২৯জনৰ ভিতৰত ২১জন, বিপিএফৰ ৪জনৰ ভিতৰত ৩জন, অগপৰ ৯জনৰ ভিতৰত ৮জন, এআইইউডিএফৰ ১৬জনৰ ভিতৰত ৮জন বিধায়কেই হৈছে কোটিপতি৷ গড় হিচাপত প্রতিজন বিধায়কৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪.৫৯ কোটি টকা৷ ২০১৬ চনত এই পৰিমাণ আছিল ২.৪৫ কোটি৷ অর্থাৎ বিধায়কসকলৰ গড় সম্পত্তিৰ পৰিমাণ দুুগুণলৈ বৃদ্ধি পাইছে৷ নৱনির্বাচিত বিধায়কসকলৰ ভিতৰত সবাতোকৈ ধনী হৈছে যমুনামুখৰ বিধায়ক চিৰাজুদ্দিন আজমল৷

এআইইউডিএফৰ বিধায়কজনৰ ঘোষিত সম্পত্তিৰ পৰিমাণ হৈছে ১১১ কোটি৷ ইয়াৰ পিছতে বিধায়কসকলৰ ভিতৰত ২৬ কোটি টকাৰ সম্পত্তিৰে দ্বিতীয় স্থানত আছে দক্ষিণ কৰিমগঞ্জৰ কংগ্রেছৰ বিধায়ক ছিদ্দিক আহমেদ৷ এই তালিকাৰ তৃতীয় স্থানত থকা ঢ়কুৱাখনাৰ বিধায়ক তথা মন্ত্রী নৱ কুমাৰ দলেৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৫ কোটি টকা৷ বিধানসভাৰ আন কোটিপতি বিধায়কসকল হৈছে– ভৰত চন্দ্র নৰহ, ড০ হিমন্ত বিশ্ব শর্মা, অশোক সিংঘল, কৰিম উদ্দিন বৰভূঞা, জিতু গোস্বামী, নিজাম উদ্দিন চৌধুৰী, ফণীধৰ তালুকদাৰ, ৱাজেদ আলী চৌধুৰী, ভাস্কৰজ্যোতি বৰুৱা, ভাস্কৰ শর্মা, ড০ আছিফ মহম্মদ নজৰ, বিশ্বজিৎ ফুকন, নজৰুল হক, পদ্ম হাজৰিকা, ৰূপক শর্মা, ৰকিবুল হুছেইন, সিদ্ধার্থ ভট্টাচার্য, পীয়ূষ হাজৰিকা, ৰঞ্জিত দত্ত, ৰঞ্জিত কুমাৰ দাস, মানৱ ডেকা, কৃষ্ণেন্দু পাল, দিগন্ত বর্মন, দেৱব্রত শইকীয়া, জয়ন্ত মল্ল বৰুৱা, প্রশান্ত ফুকন, উৎপল বৰা, আবুল কালাম ৰছিদ আলম, আব্দুল আজিজ, বসন্ত দাস, শ্বেৰমান আলী আহমেদ, চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা, নন্দিতা দাস, কেশৱ মহন্ত, বিশ্বজিৎ দৈমাৰী, ৰেকিবুদ্দিন আহমেদ, আফতাব উদ্দিন মোলা, ভুবন পেগু, দিগন্ত কলিতা, সুমন হৰিপ্রিয়া, ৰমাকান্ত দেউৰী, প্রদীপ সৰকাৰ, ফণীভূষণ চৌধুৰী, অজন্তা নেওগ, ৰমেন্দ্র নাৰায়ণ কলিতা, বলীন চেতিয়া, প্রদীপ হাজৰিকা, খলিল উদ্দিন মজুমদাৰ, কৌশিক ৰায়, নুৰুল হুদা, অতুল বৰা, মজিবুৰ ৰহমান, সুশান্ত বৰগোহাঁই, মাজেন্দ্র নার্জাৰী, চৰণ বড়ো, সুৰেন ফুকন, ভবেন্দ্র নাথ ভৰালী, দুর্গাদাস বড়ো, বিমল বৰা, হাফিজ বছিৰ আহমেদ, ড০ অমিয় কুমাৰ ভূঞা, পৰিমল শুক্লবৈদ্য, ৰূপজ্যোতি কুর্মী, শিৱামণি বৰা, অখিল গগৈ, গণেশ কুমাৰ লিম্বু, ধর্মেশ্বৰ কোঁৱৰ, ৰেণুপমা ৰাজখোৱা, ভৱেশ কলিতা, পোনাকণ বৰুৱা, যোগেন মহন, হিতেন্দ্র নাথ গোস্বামী, মনোৰঞ্জন তালুকদাৰ, দৰছিং ৰংহাং, চক্রধৰ গগৈ, নোমল মমিন, আব্দুল বাতিন খন্দকাৰ, ৰণোজ পেগু, তৰংগ গগৈ৷

ইফালে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩ কোটি ১৭ লাখ৷ তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১ কোটি ১৪ লাখ টকা৷ মুখ্যমন্ত্রী সোণোৱালৰ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২ কোটি ২ লাখ টকা৷ সমান্তৰালভাৱে বিগত নির্বাচনৰ তুলনাত এইবাৰ অপৰাধমূলক গোচৰত অভিযুক্ত হৈ থকা জনপ্রতিনিধিৰ সংখ্যাও বৃদ্ধি হৈছে৷ এ ডি আৰৰ তথ্য অনুসৰি নৱনির্বাচিত বিধায়কসকলৰ ৩৪জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷ ইয়াৰে ২৮জনৰ বিৰুদ্ধে আছে হত্যা, হত্যাৰ চেষ্টা, মহিলাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ দৰে গুৰুতৰ অভিযোগ৷ ২০১৬ চনত এই সংখ্যা আছিল মাত্র ১৫৷ বিজেপিৰ ৯জন, কংগ্রেছৰ ১২জন, এআইইউডিএফৰ ১০জন, অগপৰ এজন, ইউপিপিএলৰ ৬জন আৰু এজন নির্দলীয় প্রার্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ থকাৰ কথা মনোনয়ন–পত্রৰ লগত গাঁঠি দিয়া শপতনামাত উল্লেখ কৰিছে৷ আনহাতে, নৱনির্বাচিত বিধায়কসকলৰ ভিতৰত ৩৪জন বিধায়কেই অষ্টমৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষাগত অর্হতা হিচাপে প্রকাশ কৰিছে৷ অৱশ্যে ৯১জন বিধায়কৰ শিক্ষাগত অর্হতা স্নাতক পর্যায়ৰ৷ ইয়াৰ ভিতৰত দুজন বিধায়ক হৈছে অষ্টম শ্রেণী উত্তীর্ণ৷ ইয়াৰ বিপৰীতে ১২জন দশম শ্রেণী উত্তীর্ণ আৰু ২০জন দ্বাদশ শ্রেণী উত্তীর্ণ বিধায়ক এইবাৰ নির্বাচিত হৈছে৷

You May Also Like

More From Author