26.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

৪ বছৰৰ পিছত সাতগাঁও ডকাইতি কাণ্ডৰ দুই অভিযুক্ত- প্ৰমোতোশ দিহিঙীয়া আৰু বিপুল দাস গ্ৰেপ্তাৰ

Assamese News৪ বছৰৰ পিছত সাতগাঁও ডকাইতি কাণ্ডৰ দুই অভিযুক্ত- প্ৰমোতোশ দিহিঙীয়া আৰু বিপুল দাস গ্ৰেপ্তাৰ

গুৱাহাটীৰ সাতগাঁৱৰ সোণৰ গহনাৰ দোকানৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ দুই অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। গুৱাহাটীৰ বামুণী মৈদামৰ বি জি য়াৰ্ডৰ কুশল নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা কুখ্যাত দুই ডকাইত হৈছে- কুশল নগৰৰ প্ৰমোতোশ দিহিঙীয়া ওৰফে পাপু (৪০) আৰু হাতীগাঁও লখিমী নগৰৰ বিপুল দাস(৪৫)। আটকাধীন দুই ডকাইত বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৪১/৩২৫/৩৯৪ ধাৰাৰ অধীনত সাতগাঁও থানাত ৪৩/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে ২০১৯ চনৰ ২০ ফেব্ৰুৱাৰীত সাতগাঁও ‘আলোকা জুৱেলাৰী’ৰ স্বত্বাধিকাৰী প্ৰসেনজিৎ মোদকে দোকান বন্ধ কৰি নিশা  ৮:৩০ বজাত নিজা গৃহ অভিমুখে আহি থকাৰ সময়ত সংঘটিত হৈছিল ডকাইতি কাণ্ড। আৰক্ষী সূত্ৰে জানিব পৰা মতে অইন দিনাৰ দৰে সেইদিনাও প্ৰসেনজিৎ মোদকে  দোকান বন্ধ কৰি  দুটা বেগত দোকানৰ সোণৰ আ-অলংকাৰ লৈ নিশা প্ৰায় ৮.৩০ মান বজাত সাতগাঁও বজাৰত থকা নিজা গৃহ অভিমুখে আহি থকা সময়তে দুখন মটৰ চাইকেলত অহা চাৰিজনীয়  ডকাইতৰ দলটোৰ এজনে পিষ্টলেৰে প্ৰহাৰ কৰে। ডকাইতৰ প্ৰহাৰত মাটিত বাগৰি পৰে প্ৰসেনজিৎ মোদক। তাৰ পিছত ডকাইতৰ দলটোৱে মোদকৰ হাতত থকা প্ৰায় ৪০ লাখ টকাৰ সোণৰ গহনা ভৰ্তি থকা বেগ দুটা লুট কৰি পলায়ন কৰে।

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে সাতগাঁও থানাত দিয়া এজাহাৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি চাৰি বছৰৰ অন্তত এই ঘটনাৰ লগত জড়িত দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখনীয় কথা এই যে পাঞ্জাবাৰীত দিন দুপৰতে পূৰবী ডেইৰীৰ বিতাৰক ৰঞ্জিত বৰা হত্যাকাণ্ডত গ্ৰেপ্তাৰ কৰা ৫ ডকাইতৰ লগত বুধবাৰে গ্ৰেপ্তাৰ কৰা এই দুই ডকাইতৰ যোগাযোগ থকা বুলিও আৰক্ষীয়ে দাবী কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!